ISHAN NEWS – Always One Step Ahead of Time…

গৌতম আদানীক বহু দুৰত পাছ পেলায় শীৰ্ষ স্থান দখল মুকেশ আম্বানীৰ । বৃহৎ ক্ষতি আদানী সাম্ৰাজ্যৰ । ISHAN NEWS

0 369

২০২৩ বৰ্ষৰ বাবে হুৰুন ইণ্ডিয়াই প্রকাশ কৰা চহকী ব্যক্তিৰ তালিকাত ভাৰতৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে । আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিক বহু দুৰত পাছ পেলায় তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে মুকেশ আম্বানীয়ে । ৮,০৮,৭০০কোটি টকাৰ সম্পত্তিৰে হুৰুন ইণ্ডিয়াৰ ধনী ব্যক্তিৰ তালিকাত প্রথম স্থান দখল কৰিছে মুকেশ আম্বানীয়ে । ৬৬ বছৰীয়া কোটিপতি মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ যোৱা বছৰৰ তুলনাত ২০২৩ বৰ্ষত , ২ শতাংশ বৃদ্ধি পায়।


হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ যোৱা এবছৰত যথেষ্ট হ্ৰাস পাইছে। গৌতম আদানি হুৰুন ইণ্ডিয়াৰ চহকী ব্যক্তিৰ তালিকাত দেশৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে । যোৱা বৰ্ষৰ তুলনাত তেওঁৰ সম্পত্তিৰ পৰিমাণ ২০২৩ বৰ্ষত ৫৭ শতাংশ হ্ৰাস পাইছে। বৰ্তমান, আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪,৭৪, ৮০০ কোটি টকা ।

তালিকাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত কোন?

২০২৩ বৰ্ষৰ , হুৰুন ইণ্ডিয়াৰ ধনী ব্যক্তিৰ তালিকাত মুকেশ আম্বানী আৰু গৌতম আদানিৰ পাছত তৃতীয় স্থান লাভ কৰিছে চিৰাম ইনষ্টিটিউটৰ প্রমোটাৰ এচ, পুনাৱালাৰ পৰিয়ালে । পুনাৱালা পৰিয়ালৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ২,৭৮,৫০০ কোটি টকা। যোৱা বছৰৰ তুলনাত এইবাৰ পুনাৱালা পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ৩৬ শতাংশ বৃদ্ধি পাইছে ।এই তালিকাত চতুৰ্থ স্থান লাভ কৰিছে এইচ,চি এলৰ মুৰব্বী শিৱ নাদাই । শিৱ নাডাৰ সম্পত্তিৰ মূল্য ২,২৮,৯০০ কোটি টকা। চহকী ব্যক্তিৰ তালিকাত পঞ্চম স্থান লাভ কৰা লণ্ডনস্থিত গোপীচান্দ হিন্দুজা পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ ১,৭৬,৫০০কোটি টকা ।

ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ-১০ ত কোন দুগৰাকী ব্যক্তিয়ে পুনৰ স্থান লাভ কৰিলে ?

১,৬৪,৩০০ কোটি টকাৰ মুঠ সম্পত্তিৰ সৈতে চান ফাৰ্মাৰ দিলীপ ছাংঘৱীয়ে ষষ্ঠ স্থান লাভ কৰিছে হুৰুন ইণ্ডিয়াৰ চহকী ব্যক্তিৰ তালিকাত । আনহাতে ষ্টীলৰ ৰজা লক্ষ্মী মিত্তালে ১,৬২,৩০০ কোটি টকাৰ স্মত্তিৰে এই তালিকাত সপ্তম স্থান লাভ কৰিছে। অষ্টম স্থানত আছে ডি-মাৰ্টৰ ৰাধাকিষাণ দামানি । দামানিৰ সম্পত্তিৰ মূল্য হৈছে ১,৪৩,৯০০ কোটি টকা ।ইয়াৰ পাছত নৱম স্থানত আছে কুমাৰ মংগলম বিৰলা আৰু দশম স্থানত আছে নীৰজ বাজাজ। দুয়োগৰাকী ব্যক্তিয়ে দীৰ্ঘদিনৰ পাছত পুনৰ শীৰ্ষ-১০ ত স্থান লাভ কৰিছে । ২০২৩ বৰ্ষত বিৰলাৰ সম্পত্তিৰ মূল্য হৈছে ১,২৫,৬০০ কোটি টকা আৰু একে সময়তে, বাজাজ পৰিয়ালৰ সম্পত্তিৰ মূল্য হৈছে ১,২০,৭০০ কোটি টকা । উল্লেখ্য যে এইবাৰ উদয় কোটাক আৰু বিনোদ আদানি এই তালিকাৰ পৰা বাদ পৰিছে।

Leave A Reply

Your email address will not be published.