আজি বিশ্বকাপত মুখামুখি হ’ব ভাৰত-পাকিস্তান। কেৱল ভাৰত আৰু পাকিস্তানৰ অনুৰাগীয়েই নহয়, আজিৰ মেচখন উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী।
ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে বিশ্বৰ অন্যতম বেগী দৌৰবিদ উছেইন ব’ল্টৰ পৰা শুভেচ্ছা লাভ কৰিলে বিৰাট কোহলীয়ে।
ব’ল্টে ছ’চিয়েল মিডিয়া এক্সত কোহলীক টেগ কৰি এটা ধেমেলীয়া টুইট কৰা পৰিলক্ষিত হৈছে। যাৰ উত্তৰত কোহলীয়েও ধেমেলীয়া সুৰতে উত্তৰ দিয়ে ব’ল্টক।
পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ ঠিক এদিন পূৰ্বে জামাইকাৰ স্প্ৰীণ্টাৰগৰাকীয়ে লিখিছে, ‘কোহলী তোমাৰ ডাইভ দেখিছো। খেলপথাৰত হয়তো তুমি আটাইতকৈ বেগী, কিন্তু বতাহত মই আটাইতকৈ বেগী। তোমাৰ পৰৱৰ্তী খেলো চাম। ফালি দিয়া।’
এই টুইটৰ উত্তৰত কোহলীয়ে লিখে, ‘উছেইন পাজি! যদি আপুনি চাই আছে তেন্তে অতিৰিক্ত কেইটামান ১০০ মিটাৰ স্প্ৰিণ্টৰ সৈতে কাইলৈৰ বাবে সাজু হৈছো।‘
প্ৰকৃততে দুয়োৰে মাজত এই কথা-বতৰা এটা বিজ্ঞাপনৰ বাবেই হৈছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই ব্ৰেণ্ডৰ বিষয়ে অনুৰাগীসকলক জনোৱাই আছিল দুয়োৰে উদ্দেশ্য।
উল্লেখ্য যে, চলিত বিশ্বকাপত দুৰন্ত ফৰ্মত আছে বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত ৮৫ ৰানৰ ইনিংছ খেলি ভাৰতক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
আনহাতে দ্বিতীয়খন মেচত আফগানিস্তানৰ বিৰুদ্ধেও ফৰ্ম অক্ষুন্ন ৰাখি অপৰাজিত ৫৫ ৰানৰ ইনিংছ খেলিছিল। কোহলীৰ শেহতীয়া ফৰ্ম দেখি পাকিস্তানৰ বিৰুদ্ধে আজিৰ মেচখনতো কোহলী উজলি উঠিব বুলি আশাবাদী অনুৰাগীসকল।