ISHAN NEWS – Always One Step Ahead of Time…

কেন্সাৰ ৰোগীৰ বাবে যুগান্তৰকাৰী উদ্ভাৱন নৱম শ্ৰেণীৰ ছাত্রৰ। ৪২ টকীয়া চাবোনে নিৰাময় কৰিব কৰ্কট ৰোগ ।

0 8,389

কৰ্কট ৰোগীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে আমেৰিকাৰ নৱম শ্ৰেণীত অধ্যয়নৰত এটি ১৪ বছৰ বয়সীয়া কিশোৰে। ভাৰ্জিনিয়াৰ এনাণ্ডলেৰ ডব্লিউ, উডচন হাইস্কুলৰ ছাত্র হিমেন বেকলেৰ উদ্ভাৱনে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ছালৰ কৰ্কট ৰোগত আক্রান্ত হাজাৰ হাজাৰ ৰোগীলৈ । ছালৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা চাবোন উদ্ভাৱন কৰি 2023 M Young scientists Challenge ত বিজয়ী হৈ ২৫ হাজাৰ মাৰ্কিন ডলাৰ পুৰস্কাৰ হিচাপে লাভ কৰিছে হিমেন বেকলেয়ে । নৱম শ্ৰেণীৰ ছাত্র গৰাকীয়ে উদ্ভাৱন কৰা কৰ্কট ৰোগৰ মহৌষধ হিচাপে চিনাক্ত হোৱা চাবোন ডোখৰৰ বজাৰ মূল্য ভাৰতীয় টকাৰ হিচাপত প্রায় ৪২ টকা ।


ভবিষ্যতে এগৰাকী সফল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে হিমানে । আৰু ১৫ বছৰৰ পাছত নিজ কৰ্ম আৰু ব্যক্তিগত প্রচেষ্টাৰে বিশ্বত ইতিবাচক প্রভাব পেলোৱাৰ লক্ষ্যৰে আগবাঢ়িছে প্রবল আত্মবিশ্বাসী ছাত্রজন ।

Leave A Reply

Your email address will not be published.