নেপাল ৰাষ্ট্ৰীয় ক্ৰিকেট দলক বিশেষ উপহাৰ ভাৰত চৰকাৰৰ
নেপাল ক্ৰিকেট দলে ভাৰতৰ পৰা লাভ কৰিলে বিশেষ উপহাৰ। বৃহস্পতিবাৰে সন্ধিয়া ভাৰত চৰকাৰে নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলক ক্ৰিকেট কিট উপহাৰ দিয়ে।
অতি কম সময়ৰ ভিতৰতে নেপালী ক্ৰিকেট দলটোৱে অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
বৃহস্পতিবাৰে সন্ধিয়া কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত আয়োজিত এক অনুষ্ঠানৰ সময়ত নেপালত থকা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে নেপালৰ ৰাষ্ট্ৰীয় দলটোক ২০খন ক্ৰিকেট বেট আৰু জোতা প্ৰদান কৰে।
নেপাল ক্ৰিকেট সন্থাৰ সম্পাদক পাৰস খাড়কাই কয়, ‘ভাৰতীয় দূতাবাসে কেৱল কিটসমূহ প্ৰদান কৰাতকৈও অধিক আমাক এই সম্পৰ্ক স্থাপনৰ সুযোগ দিয়াৰ বাবে আমি অতিশয় কৃতজ্ঞ আৰু সন্মানিত। মোৰ বিশ্বাস এয়াই এটা উন্নত আৰু ডাঙৰ সম্পৰ্কৰ আৰম্ভণি যিটো নেপাল ক্ৰিকেটৰ বাবে প্ৰয়োজন।‘
ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক খাড়কাই নেপাল দলৰ সম্ভাৱনা আৰু অধিক বৃদ্ধিৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বাবে অনুৰোধ জনায়।
নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত পৌডেলেও ভাৰতীয় দূতাবাসৰ বিষয়াসকলক ভাৰতীয় দলৰ সৈতে খেলা বা অনুশীলন কৰাৰ বাবে অধিক সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
বি চি চি আইৰ লগতে ভাৰতীয় চৰকাৰে নেপাল ক্ৰিকেটৰ উত্তৰণৰ বাবে আৰু অধিক সহায়ৰ হাত আগবঢ়াব বুলিও আশাবাদী নেপালৰ অধিনায়কগৰাকীৰ।