ISHAN NEWS – Always One Step Ahead of Time…

টিপু চুলতানৰ তৰোৱালৰ নিলাম; নোলাল এজনো ক্ৰেতা

0 2,433

কৰ্ণাটকৰ এসময়ৰ স্বাধীনচিতীয়া ৰাজ্য মহীশূৰ ৰাজ্য শাসন কৰা টিপু চুলতানৰ ব্যক্তিগত তৰোৱালৰ নিলাম অনুষ্ঠিত হৈছিল লণ্ডনত। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই তৰোৱালখনৰ বাবে নোলাল কোনো ক্ৰেতা।

এই তৰোৱালখন লণ্ডনত ক্ৰীষ্টিৰ নিলামত বিক্ৰীৰ বাবে ৰখা হৈছিল। নিলামৰ বাবে ৰখা ভিত্তি মূল্যও এই তৰোৱালৰ বাবে লাভ কৰা নহ’ল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই তৰোৱালখন ব্ৰিটিছৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্নিভালিছক উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল।

টিপু চুলতানৰ তৰোৱালখনৰ আনুমানিক মূল্য ১৫ কোটিৰ পৰা ২০ কোটি টকা ধাৰ্য কৰা হৈছিল। তৰোৱালখনৰ মূল্য অধিক হোৱাৰ বাবেই বিক্ৰী নহ’ল বুলি ধাৰণা কৰা হৈছে।

মধ্যপ্ৰাচ্যৰ এটা সংগ্ৰহালয়ে এই তৰোৱালখন ক্ৰয় কৰিব বুলি আশা কৰা হৈছিল যদিও ইয়াৰ ৰিজাৰ্ভ বিড দিব পৰা নাছিল।

১৭৯৯ চনত লৰ্ড কাৰ্নভালিছক এই তৰোৱালখন উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল।

চুলতানৰ ব্যক্তিগত তৰোৱাল দুখনৰ এখন তৰোৱাল প্ৰথম চাৰ্লছ মাৰ্কেছক আৰু আনখন তৰোৱাল কাৰ্নিভালিছক দিয়া হৈছিল।

উল্লেখ্য যে, ১৭৮৬ চনত কাৰ্নভালিছক ব্ৰিটিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আৰু কমাণ্ডাৰ ইন চিফ নিযুক্তি দিয়া হয়। তৃতীয় এংলো-মহীশূৰ যুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ বাহিনীৰ নেতৃত্ব দিছিল।

তথ্য অনুসৰি এই তৰোৱালখন টিপু চুলতানৰ শোৱনি কোঠাত ৰখা হৈছিল। প্ৰথমখন তৰোৱাল চলিত বৰ্ষৰ ২৩ মে’ত ১৪১ কোটি টকাত বিক্ৰী হৈছিল।

উল্লেখ্য যে, শেহতীয়া ইজৰাইল-হামাছ যুদ্ধ আৰু মূল্যবৃদ্ধিৰ বাবে কোনেও উচ্চ মূল্যত ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল বুলি ধাৰণা কৰা হৈছে। সেয়েহে তৰোৱালখন বিক্ৰী নহ’ল।

Leave A Reply

Your email address will not be published.