শুকাই যাব ভাৰতৰ ভূ-গৰ্ভৰ পানী । সংকটত বিশ্ববাসীৰ ভবিষ্যত । ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত উদ্বেগজনক তথ্য। ISHAN NEWS…
ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত ভাৰতৰ বাবে উদ্বেগজনক তথ্য । প্রতিবেদনত প্রকাশিত তথ্যমতে ভূ-গৰ্ভৰ পানী হ্ৰাসৰ ক্ষেত্রত ভাৰত চৰম বিন্দুত উপনীত হৈছে । আগন্তুক বছৰবোৰত ভাৰতত কমি আহিব ভূ-গৰ্ভৰ পানীৰ পৰিমাণ । ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু মানৱ সুৰক্ষা প্ৰতিষ্ঠানে (ইউ এন ইউ-ই এইচ এছ) প্ৰকাশ কৰিছে এই তথ্য। ‘আন্তঃসংযোগ দুৰ্যোগ বিপদৰ আশংকা প্ৰতিবেদন ২০২৩’ ত প্রকাশিত তথ্য মতে , পঞ্জাৱৰ ৭৮% কুঁৱাৰ অৱস্থা বেয়া। শুকাই যাব কুঁৱা সমূহ । সমগ্ৰ উত্তৰ-পশ্চিম অঞ্চলটোতে ২০২৫ চনৰ ভিতৰত ভূগৰ্ভৰ পানী গুৰুতৰভাৱে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।
বিশ্বজুৰি ৩১ টা মুখ্য জলাশয়ৰ ভিতৰত, ২৭ টাত পানী হ্রাস হোৱাৰ আশংকা আছে।
ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ৰ প্ৰেছ বিজ্ঞপ্তিত ভাৰতৰ উপৰিও আন বহুতো দেশত ভূগৰ্ভৰ পানীৰ অভাৱ ঘটিব । চৌদি আৰবে ইতিমধ্যে ভূগৰ্ভস্থ পানীৰ বিপদৰ টিপিং পইণ্ট অতিক্ৰম কৰিছে। জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াত টিপিং পইণ্টক সংকটপূৰ্ণ অৱস্থা বুলি কোৱা হয়। অৰ্থাৎ বাজিবলৈ ধৰিছে বিপদৰ ঘণ্টা ।
ভাবুকি আহিব খেতিপথাৰলৈ :
যদি সমগ্ৰ বিশ্বতে পানীৰ স্তৰ হ্ৰাস হৈ থাকে, তেন্তে বিপদত পৰিব খেতিয়ক সকল । খেতি পথাৰত অভাৱ হ’ব পানীৰ । সমগ্ৰ বিশ্বতে অভাৱ হ’ব খাদ্য- শস্যৰ । বিপদৰ ঘণ্টা বাজিব ক’ত ক’ত ?
ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন মতে, পৃথিৱীলৈ আহিব ৬ ধৰণৰ বিপদ।
১ ) পৃথিৱীৰ পৰা জীৱৰ বিলুপ্তি ত্বৰান্বিত হ’ব ।
২) ভূগৰ্ভৰ পানীৰ স্তৰ দ্ৰুতগতিত হ্ৰাস হ’ব ।
৩) দ্ৰুতগতিত গলিব হিমবাহ।
৪) মহাকাশৰ আৱৰ্জনাই সংকটৰ মাজলৈ ঠেলি দিব পৃথিৱীবাসীক
৫) বৰ্ধিত তাপমাত্রাও আন এক সংকটৰ কাৰণ ইত্যাদি
বিশ্বৰ ভৱিষ্যতক উদ্বেগজনক বুলি বৰ্ণনা কৰিছে ৰাষ্ট্ৰসংঘই প্রকাশ কৰা এই প্রতিবেদনত।