ISHAN NEWS – Always One Step Ahead of Time…

১১১টা পদক জয়েৰে ভাৰতীয় পেৰা এথলীটে ৰচিলে ইতিহাস । ISHAN NEWS…

0 171

ভাৰতীয় পেৰা এথলীটসকলে শনিবাৰে ইতিহাস ৰচনা কৰি হাংঝো পেৰা এছিয়ান গেমছত ১১১টা পদক লাভ কৰি নিজৰ অভিযানৰ অন্ত পেলায়। যিকোনো বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত এয়া আছিল ভাৰতীয় এথলীটৰ সৰ্বোত্তম প্ৰদৰ্শন।

ভাৰতীয় পেৰা এথলীটসকলে ২৯টা সোণ, ৩১টা ৰূপ আৰু ৫১টা ব্ৰঞ্জ পদকেৰে মুঠ ১১১টা পদক লাভ কৰে।

ইয়াৰ পূৰ্বে ২৩ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে চলা হাংঝো এছিয়ান গেমছত ভাৰতে ১০৭টা পদক লাভ কৰিছিল।

পেৰা এছিয়ান গেমছত ভাৰত পদক তালিকাৰ পঞ্চম স্থানত থাকে। ৫২১টা পদকেৰে (২১৪টা সোণ, ১৬৭টা ৰূপ আৰু ১৪০টা ব্ৰঞ্জ) পদক তালিকাৰ শীৰ্ষত থাকে চীন।

৪৪টা সোণ, ৪৬টা ৰূপ আৰু ৪১টা ব্ৰঞ্জ পদকেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে ইৰাণ। তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত ক্ৰমে জাপান আৰু কোৰিয়া।

২০১০ চনত গুৱাংঝোত অনুষ্ঠিত হোৱা প্ৰথমসংখ্যক পেৰা এছিয়ান গেমছত ভাৰতে ১৪টা পদক লাভ কৰি ১৫ নম্বৰ স্থান দখল কৰিছিল। ইয়াৰ পিছত ২০১৪ চনত ভাৰতে ১৫ নম্বৰ স্থানত আৰু ২০১৮ চনত নৱম স্থানত আছিল।

উল্লেখ্য যে, ২০১০ চনৰ দিল্লী কমনৱেলথ গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে ১০০ (১০১)তকৈ অধিক পদক লাভ কৰিছিল।

ভাৰতীয় পেৰালিম্পিক সমিতিৰ সভানেত্ৰী দীপা মালিকে কয়, ‘আমি ইতিহাস ৰচিলো। আমাৰ পেৰা এথলীটসকলে দেশক গৌৰৱান্বিত কৰিছে। এতিয়া আমি টকিঅ’তকৈ পেৰিছ পেৰালিম্পিকত অধিক পদক লাভ কৰিম।‘

তেওঁ কয়, ‘আমি এই প্ৰদৰ্শনত আশ্বৰ্যকৰ হোৱা নাই। আমি আশা কৰি আছিলো ১১০ৰ পৰা ১১৫ৰ ভিতৰত পদক আৰু ১১১টা ভাল সংখ্যা।‘

ভাৰতীয় খেলুৱৈয়ে এথলেটিকছত সৰ্বাধিক ৫৫টা পদক লাভ কৰাৰ বিপৰীতে বেডমিণ্টনত ৪টা স্বৰ্ণসহ ২১টা পদক লাভ কৰে।

Leave A Reply

Your email address will not be published.