ISHAN NEWS – Always One Step Ahead of Time…

ডাৰ্ক ৱেবত বিক্রী হ’ল প্রায় ৮২ কোটি ভাৰতীয়ৰ ক’ভিড সম্পৰ্কীয় তথ্য । আধাৰ কাৰ্ড আৰু পাছপৰ্টৰ নাম ঠিকনা বিক্রীক কেন্দ্ৰ কৰি দেশজুৰি চাঞ্চল্য ।

0 259

ডাৰ্ক ৱেবত ৮১ কোটিতকৈও অধিক ভাৰতীয়ৰ ব্যক্তিগত তথ্য বিক্রী হোৱাৰ অভিযোগ উণ্থাপন হৈছে । বিক্রী হোৱা তথ্যত দেশৰ সাধাৰণ জনতাৰ আধাৰ কাৰ্ড আৰু পাছপোৰ্টৰ নাম, ঠিকনা আৰু ফোন নম্বৰ অন্তৰ্ভুক্ত হৈ আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাইবাৰ সুৰক্ষা কোম্পানী ৰিচিকিউৰিটিয়ে এই কথা প্ৰকাশ কৰিছে। প্ৰতিবেদনত উল্লেখিত তথ্যমতে ৮১. ৫ কোটিতকৈও অধিক ভাৰতীয়ৰ আধাৰ আৰু পাছপোৰ্ট সম্পৰ্কীয় ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত বিক্ৰী হৈছে। ভাৰতৰ ইতিহাসত ডাটা লিকৰ এই ঘটনাক ভাৰতৰ ইতিহাসৰ আটাইতকৈ বৃহৎ ডাটা লিকৰ ঘটনা বুলি পৰিগণিত হৈছে ।
ডাৰ্ক ৱেবত বিক্ৰী আৰু ক্ৰয়ৰ বাবে উপলব্ধ ডাটাবেচত কোভিড-19 পৰীক্ষা সম্পৰ্কীয় ডাটা মজুত আছিল ।

কোভিড-19 ৰ বিভিন্ন তথ্য আন বহুতো চৰকাৰী প্ৰতিষ্ঠানৰ হাততো মজুত আছিল । যেনে, এন.আই.চি., আই চি এম আৰ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ হাতত মজুত আছিল এনেধৰণৰ তথ্য । বহু কেইটা প্ৰতিষ্ঠানৰ হাতত মজুত থকা এই তথ্য সমূহ ক’ৰ পৰা চুৰি হৈছিল সেইটো বিচাৰি উলিয়াবলৈ যথেষ্ট কঠিন হ’ব ।
অৱশ্যে, এই সন্দৰ্ভত বহুতৰে অভিযোগৰ আঙুলি উঠিছে আই,চি,এম,আৰৰ বিৰুদ্ধে । একাংশই ক’ব বিচাৰে আই,চি,এম,আৰৰ ডাটাবেছৰ পৰাই চুৰি হৈছিল সাধাৰণ জনতাৰ ক’ভিড সম্পৰ্কীয় তথ্য ।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্রকাশি এক তথ্যমতে, ‘পিডব্লিউএন0001′ নামৰ এজন হেকাৰে চুৰি হোৱা তথ্য ডাৰ্ক ৱেবত বিক্ৰীৰ চেষ্টা চলাইছিল । হেকাৰজনে হেক কৰা ডাটাখিনি ৮০ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৬৬.৫ লাখ টকাত বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। এই সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ তদন্ত কৰি আছে CBI ।
উল্লেখযোগ্য যে ভাৰতত ডাটা চুৰিৰ ঘটনা এইবাৰেই প্রথমবাৰৰ বাবে সংঘটিত হোৱা নাই । এই বছৰৰ আৰম্ভণিতে, চাইবাৰ অপৰাধীয়ে এইমছৰ চাৰ্ভাৰ হেক কৰিছিল। প্ৰতিষ্ঠানটোৰ পৰা ১ টি,বি, তকৈও অধিক তথ্য চুৰি কৰাৰ লগতে বৃহৎ পৰিমাণৰ ধন মুক্তিপণ হিচাপে দাবী কৰিছিল। ২০২২ বৰ্ষৰ ডিচেম্বৰত, এইমছ দিল্লীৰ তথ্য চীনৰ হেকাৰেচুৰি কৰিছিল আৰু ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে ২০০ কোটি টকা দাবী কৰিছিল। ডাৰ্ক ৱেবত সাধাৰণ ৰাইজৰ তথ্য বিক্রী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই দেশজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে ।

Leave A Reply

Your email address will not be published.