ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপৰ মাজতেই অষ্ট্ৰেলিয়া দলত মোক্ষম আঘাত; ঘৰলৈ উভতিল এইগৰাকী ক্ৰিকেটাৰ

0 7,202

চলিত বিশ্বকাপত এই পৰ্যন্ত ভাল প্ৰদৰ্শন আগবঢ়াইছে অষ্ট্ৰেলিয়াই। দলটোৱে ৬ খন মেচ খেলি ৪ খনত জয়লাভ কৰিছে। অষ্ট্ৰেলিয়াই ৮ পইণ্ট লাভ কৰি পইণ্ট টেবুলৰ তৃতীয় স্থানত আছে।

কিন্তু বিশ্বকাপৰ মাজতে দলটোৱে এক অনাকাংক্ষিত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। দলটোৰ মুখ্য অলৰাউণ্ডাৰ মিচেল মাৰ্ছ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে।

বিশ্বকাপৰ গুৰুত্বপূৰ্ণ সময়ত দল এৰি ঘৰলৈ উভতি যোৱাৰ কাৰণ ব্যক্তিগত বুলি জনাইছে।

মিচেল মাৰ্ছৰ অনুপস্থিতিৰ উপৰি আঘাতপ্ৰাপ্ত হৈ আছে গ্লেন মেক্সৱেল। এনে পৰিস্থিতিত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পৰৱৰ্তী মেচখন অষ্ট্ৰেলিয়াৰ বাবে যথেষ্ট প্ৰত্যাহ্বান হ’ব।

মিচেল মাৰ্ছে ঘৰ উভতাৰ তথ্য ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰদান কৰিছে। আইচিচিৰ ৱেবছাইটত প্ৰকাশিত বাতৰি অনুসৰি মাৰ্ছ সন্দৰ্ভত কোনো আপডেট পোৱা নাই যদিও ব্যক্তিগত কাৰণত তেওঁ অষ্ট্ৰেলিয়ালৈ উভতিছে।

উল্লেখ্য যে এই বিশ্বকাপত এতিয়ালৈকে উইকেট লোৱাৰ লগতে মাৰ্ছে ২২৫ ৰান সংগ্ৰহ কৰিছে। লক্ষ্ণৌত শ্ৰীলংকাৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰাৰ পিছত তেওঁ পাকিস্তানৰ বিৰুদ্ধে শতকো অৰ্জন কৰে।

মাৰ্ছ অষ্ট্ৰেলিয়ান দলৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ছেমি ফাইনেলৰ পূৰ্বে তেওঁৰ অনুপস্থিতি দলটোৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৬ খন মেচ খেলিছে আৰু ৪ খন মেচত জয়লাভ কৰিছে। ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ইংলেণ্ডৰ পিছত আফগানিস্তানক পৰাস্ত কৰিব লাগিব। ইয়াৰ পিছত তেওঁলোক বাংলাদেশৰ মুখামুখি হ’ব।

Leave A Reply

Your email address will not be published.