পইণ্টৰ তালিকাত ভাৰতে সুৰক্ষিত কৰিলে শীৰ্ষ স্থান। কোন হ’ব ২০২৩ ৰ বিশ্ব চেম্পিয়ন ?
২০২৩ ৰ বিশ্বকাপ ক্রিকেটত ভাৰতৰ আটাইতকৈ কঠিন খেলখন অনুষ্ঠিত হৈছিল দেওবাৰে। কালি ভাৰত মুখামুখি হৈছিল দক্ষিণ আফ্ৰিকাৰ । কালি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত যুঁজখন একপক্ষীয় আছিল । কালি ভাৰতে দক্ষিণ আফ্ৰিকাক ২৪৩ ৰাণত পৰাস্ত কৰি পইণ্টৰ তালিকাত শীৰ্ষ স্থান সুৰক্ষিত কৰি ৰাখে ।
বিশ্বকাপত একেৰাহে আঠখন মেচ জিকাৰ পিছত ১৬ পইণ্টেৰে ভাৰত তালিকাৰ শীৰ্ষত আছে আৰু ভাৰতৰ ৰান ৰেট হৈছে ২.৪৫৬। কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্ৰিকা পৰাজিত হৈও পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে । দক্ষিণ আফ্ৰিকাই আঠখন খেলৰ পৰা ১২ পইণ্ট লাভ কৰিছে । সাতখন খেলৰ পৰা ১০ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া । দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া বাকী দুখন মেচত জিকিলেও , ভাৰতক স্পৰ্শ কৰিব নোৱাৰিব ।
অষ্ট্ৰেলিয়াই অফিচিয়েলি নহ’লেও ছেমি ফাইনেলত স্থান লাভ প্রায় নিশ্চিত ।
বেছিসংখ্যক দলৰে যুঁজ হ’ব চতুৰ্থ স্থানৰ বাবে । নিউজিলেণ্ড, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা আৰু নেডাৰলেণ্ডে যুঁজিব চতুৰ্থ স্থানৰ বাবে । বিশ্বকাপৰ নিউজিলেণ্ড বনাম শ্ৰীলংকা আৰু পাকিস্তান বনাম ইংলেণ্ডৰ মাজৰ খেলকেইখন হ’ব গুৰুত্বপূৰ্ণ ।