ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপত হতাশাজনক প্ৰদৰ্শন; শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক বৰ্খাস্ত

0 6,583

বিশ্বকাপত শ্ৰীলংকা দলৰ অত্যন্ত হতাশাজনক প্ৰদৰ্শনৰ বাবে দেশখনৰ ক্ৰিকেট ব’ৰ্ডক বৰ্খাস্ত কৰা হৈছে। শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে (৬ নৱেম্বৰ) এই ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ সমান্তৰালকৈ ক্ৰীড়া মন্ত্ৰালয়ে এখন অন্তৱৰ্তীকালীন ক্ৰিকেট সমিতিও গঠন কৰে। ইয়াৰ দায়িত্ব শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক অৰ্জুন ৰানাটুংগাৰ হাতত অৰ্পণ কৰা হয়।

ভাৰতৰ বিৰুদ্ধে ৩০২ ৰানৰ বৃহত ব্যৱধানত পৰাজয় হোৱাৰ পিছতে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিবাদ।

শ্ৰীলংকাৰ ক্ৰিকেট অনুৰাগীয়ে ব’ৰ্ডৰ কাৰ্যালয়ৰ বাহিৰত ছাম্মি ছিলভা নেতৃত্বাধীন প্ৰশাসনক অপসাৰণৰ দাবী জনাইছিল।

বিশ্বকাপত দেখুওৱা দুৰ্বল প্ৰদৰ্শনৰ পিছত শ্ৰীলংকান ক্ৰিকেটৰ বিৰুদ্ধে দুৰ্নীতিৰ পৰা আৰম্ভ কৰি মেচ ফিক্সিঙৰ দৰে বহু পুৰণি অভিযোগ চৰ্চালৈ আহিছে।

এই কথা মনত ৰাখি ক্ৰীড়া মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, দেশখনৰ ক্ৰীড়া মন্ত্ৰালয় বা ক্ৰীড়া মন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও ব’ৰ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে তিনিজনীয়া এখন কমিটী গঠন কৰি দিছিল। কিন্তু আইচিচিয়ে ইয়াক ৰাজনৈতিক হস্তক্ষেপ বুলি গণ্য কৰাত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।

অৱশ্যে শেহতীয়া সিদ্ধান্ত সন্দৰ্ভত এতিয়াও আইচিচিৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

চলিত বিশ্বকাপত শ্ৰীলংকাই ৮খন মেচৰ ভিতৰত ৬খন মেচত পৰাস্ত হৈছে। পইণ্ট তালিকাৰ নৱম স্থানত আছে দলটো।

শ্ৰীলংকাক দক্ষিণ আফ্ৰিকাই ১০২ ৰান, পাকিস্তানে ৬ উইকেটত, অষ্ট্ৰেলিয়াই ৫ উইকেট, আফগানিস্তানে ৭ উইকেট, ভাৰতে ৩০২ ৰান আৰু বাংলাদেশে ৭ উইকেটত পৰাস্ত কৰে।

Leave A Reply

Your email address will not be published.