তিনিবছৰ ধৰি পাকিস্তানৰ কাৰাগাৰত থকা ৮০জন ভাৰতীয় মাছমৰীয়াক মুকলি
পাকিস্তানৰ জেইলত বন্দী হৈ থকা ৮০ গৰাকী ভাৰতীয় মাছমৰীয়াক অৱশেষত মুক্তি কৰি দিয়া হ’ল। বৃহস্পতিবাৰে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত লোৱাৰ পিছতে ভাৰতৰ ৮০টা পৰিয়ালত এতিয়া আনন্দৰ লহৰ উঠিছে।
দীৰ্ঘদিন ধৰি পাকিস্তানৰ কাৰাগাৰত বন্ধী হৈ থকা এই ৮০জন মাছমৰীয়া গুজৰাটৰ ভিন্ন অঞ্চলৰ বাসিন্দা।
এই মাছমৰীয়াসকলক মুক্তি দিয়াৰ খবৰ পোৱাৰ পিছতে তেওঁলোকক আনিবলৈ গুজৰাট চৰকাৰৰ এটা দল পঞ্জাৱত উপস্থিত হৈছে।
পাকিস্তান চৰকাৰে দেশৰ পৰা অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী আৰু নাগৰিকক বহিষ্কাৰৰ বাবে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে ভাৰতীয় মাছমৰীয়াসকলক মুকলি কৰি দিছে।
কৰাচীৰ কাৰাগাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰতীয় মাছমৰীয়াকেইজনক কটকটীয়া নিৰাপত্তাৰ মাজত আল্লামা ইকবাল এক্সপ্ৰেছ ৰে’লেৰে প্ৰেৰণ কৰা হৈছে আৰু কাইলৈ লাহোৰত উপস্থিত হ’ব আৰু তাৰ পৰা বাঘা সীমান্তৰ জৰিয়তে ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হ’ব।
গুজৰাটৰ মীন আয়ুক্ত নীতিন চাংৱানে কয় যে শুকুৰবাৰে বিয়লি আটৰী-বাঘা সীমান্তত পাকিস্তান কৰ্তৃপক্ষই মাছমৰীয়াসকলক ৰাজ্যৰ মীন বিভাগৰ দলটোক গতাই দিয়া হ’ব।
তেওঁ কয়, ‘তেওঁলোক গুজৰাটৰ বিভিন্ন প্ৰান্তৰ। আমি তেওঁলোকক ৰে’লযোগে ৰাজ্যলৈ লৈ আহিম।‘
জানিব পৰা মতে, এই মাছমৰীয়াসকল তিনিবছৰ আগৰে পৰা কাৰাগাৰত বন্দী হৈ আছিল।