ISHAN NEWS – Always One Step Ahead of Time…

মহম্মদ ছামীয়ে অপেক্ষা কৰে সুযোগলৈ । শ্ৰেষ্ঠ প্রদৰ্শনৰ পাছতো কিয় অনুশোচনা ছামীৰ ? ISHAN NEWS…

0 3,560

ভাৰতে ৭০ ৰাণত নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেলত প্রবেশ কৰে । শ্বাসৰুদ্ধকৰ খেলখনত ভাৰতৰ হৈ শতক অৰ্জন কৰে বিৰাট কোহলি আৰু শ্ৰেয়াচ আয়াৰে । খেলখনত ৭ টা উইকেটে দখলেৰে ভাৰতক ফাইনেললৈ লৈ যোৱা অন্যতম খেলুৱৈ মহম্মদ ছামীয়ে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে । এই সন্মান লাভৰ পাছতে ছামীয়ে অনুশোচনা প্রকাশ কৰি কয় যে , কেন উলিয়ামছৰ কেচটো ধৰিব পাৰিব লাগিছিল । সহজ কেচ এটা ধৰিব নোৱাৰিলো । এই কথাত বৰ বেয়া লাগিল । ইয়াৰ পাছত মোৰ লক্ষ্য আছিল কম গতিৰে বলিং কৰা । কাৰণ প্রতিপক্ষক বিপদত পেলাব লাগিব । সুযোগ আহিব বুলি জানিছিলো । সেইটো চেষ্টাই কৰিছিলো ।


২৩ টা উইকেটেৰে এইবাৰৰ বিশ্বকাপত সৰ্বাধিক উইকেট দখল কৰা ছামীক সোধা হৈছিল, এনে সফলতা কেনেকৈ লাভ কৰা যায় ? ইয়াৰ উত্তৰত মহম্মদ ছামীয়ে কয় , মই সুযোগৰ বাবে অপেক্ষা কৰি আছিলো । বেছিকৈ বগা বল ক্রিকেট খেল খেলাৰ সুযোগ নাপালো । সুযোগ পালেই খেলিবলৈ চেষ্টা কৰো ।লীগত নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম সুযোগ পাইছিলো ।বহুতে বলিঙৰ বৈচিত্র্যৰ কথা ক’লেও মোৰ লক্ষ্য আছিল সঠিক স্থানত যাতে বলটো পৰে । মোৰ বিশ্বাস , সঠিক স্থানত পৰিলে নতুন বলত উইকেট আহিব ।


মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম উইকেটৰ বাবে কিমান সহায়ক আছিল ? এই প্রশ্নৰ উত্তৰত ছামীয়ে কয়, উইকেটৰ বাবে ভাল আছিল । দুপৰীয়া বেটছমেন সকলে যথেষ্ট ৰাণ সংগ্ৰহ কৰে । উইকেটত ঘাঁহ নাছিল । নিঞৰ পৰিব পৰিব পাৰে বুলি ভয় এটা আছিল । তেনেক্ষেত্রত বলটো উইকেটত পিছলি গৈ বেটছমেনৰ ওচৰলৈ যায় । ইয়াৰ ফলত বেটছমেনৰ ৰাণ কৰিবলৈ সহজ হয় । নিঞৰ নপৰা বাবে আমাৰ লাভ হৈছে । ছেমি ফাইনেলত ভাল প্রদৰ্শন কৰিব পাৰি ভাল লাগিছে ।


ইয়াৰ পাছত ফাইনেলত আপোনাৰ লক্ষ্য কি হ’ব ?
যোৱা দুটা বিশ্বকাপত আমি ফাইনেলত প্রবেশ কৰিব পৰা নাছিলো । ছেমি ফাইনেলতে থমকি ৰ’ব লগীয়া হৈছিল । সেয়েহে এইবাৰ আমি সুযোগ গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ হৈ আছিলো । দলৰ কোনোৱেই এই সুযোগ ব্যৱহাৰ নকৰাকৈ থকা নাছিল । আমাৰ হাতলৈ অহা প্রতিটো সুযোগেই আমি ব্যৱহাৰ কৰিব বিচাৰো ।

Leave A Reply

Your email address will not be published.