ISHAN NEWS – Always One Step Ahead of Time…

হতাশাজনক প্ৰদৰ্শন; পাকিস্তানৰ অধিনায়কত্ব এৰিলে বাবৰে, দুজনক দিয়া হ’ল অধিনায়কৰ দায়িত্ব

0 3,477

বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কত্ব ত্যাগ কৰিলে বাবৰ আজমে। ১৫ নৱেম্বৰত ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰে।

ছেমিফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰাত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা বাবৰে ক্ৰিকেটৰ তিনিওট ফৰ্মেটৰ পৰা অধিনায়কত্ব ত্যাগ কৰে।

এতিয়াৰ পৰা দলটোক টেষ্ট ক্ৰিকেটত নেতৃত্ব দিব চান মাছুদে। আনহাতে এদিনীয়া আৰু টি-২০ত শ্বাহীন শ্বাহ আফ্ৰিদীক দলৰ নেতৃ্ত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, ২০১৯ চনত অধিনায়কৰ দায়িত্ব লাভ কৰিছিল বাবৰ আজমে। তেতিয়াৰ পৰা তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দলটোক নেতৃত্ব প্ৰদান কৰি আহিছিল।

কিন্তু ভাৰতত চলি থকা এদিনীয়া বিশ্বকাপত বাবৰৰ নেতৃত্বত পাকিস্তানৰ প্ৰদৰ্শন আছিল যথেষ্ট হতাশাজনক। ইয়াৰ পিছতে বাবৰৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে।

সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত বুধবাৰ অৰ্থাত ১৫ নৱেম্বৰত তেওঁ অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়াত এটা প’ষ্টত তেওঁ লিখিছে, ‘আজি মই সকলো ফৰ্মেটতে পাকিস্তানৰ অধিনায়ক হিচাপে পদত্যাগ কৰিছো। এইটো এটা কঠিন সিদ্ধান্ত কিন্তু মই ভাবো এইটোৱেই ইয়াৰ বাবে উপযুক্ত সময়।‘

পাকিস্তানৰ দৰে ক্ৰিকেট দল এটাক নেতৃত্ব প্ৰদান কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ৰিকেটাৰ হিচাপে তিনিওটা ফৰ্মেট খেলি যাব বুলিও উল্লেখ কৰে।   

উল্লেখ্য যে, পাকিস্তান ক্ৰিকেট দলটোৱে বিশ্বকাপৰ ৯খন মেচৰ ৫খনতেই পৰাস্ত হৈছিল।

২০খন টেষ্ট মেচ, ৪৩খন এদিনীয়া আৰু ৭১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তানক নেতৃত্ব প্ৰদান কৰিছে বাবৰ আজমে।

Leave A Reply

Your email address will not be published.