ISHAN NEWS – Always One Step Ahead of Time…

পৃথিৱীলৈ বহিবিশ্বৰ পৰা আহিছ লেজাৰ বীম সংকেত । ISHAN NEWS

0 267

বহিঃবিশ্বৰ পৰা লেজাৰ-বীম সংকেত আহিছে পৃথিৱীলৈ । ১৬ নিযুত কিলোমিটাৰ দূৰৰ পৰা পৃথিৱীলৈ আহিছে এই সংকেত । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই জানিবলৈ দিয়া মতে, ডিপ স্পেচ অপ্টিকেল কমিউনিকেশ্বন (ডিএছঅ’চি) সঁজুলিৰ জৰিয়তে সম্ভৱ হৈ উঠিছে এই পৰীক্ষা । নাছাৰ চাইকি মহাকাশযানত স্থাপন কৰা নাছাই প্রস্তুত কৰা এক সঁজুলিৰ জৰিয়তে সম্পন্ন হৈছে এই পৰীক্ষা । উল্লেখ্য যে নাছাৰ চাইকি মিছন ১৩ অক্টোবৰত ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। তেতিয়াৰ পৰা এই সঁজুলিয়ে পৃথিৱীলৈ নিৰন্তৰ ভাবে প্ৰেৰণ কৰি আছে লেজাৰ-বীম বাৰ্তা ।

১৪ নৱেম্বৰত, চাইকি মহাকাশযানে কেলিফৰ্ণিয়াৰ পালোমাৰ অবজাৰ্ভেটৰীৰ হেল টেলিস্কোপৰ সৈতে যোগাযোগৰ স্থাপন হয় । এই পৰীক্ষাৰ সময়ত, ডি.এছ.ও.চি. সঁজুলিটোৱে ইনফ্ৰাৰেড ফ’টন সংকেত প্ৰেৰণ কৰে। যি সংকেত মাত্ৰ ৫০ ছেকেণ্ডত চাইকী মহাকাশযানৰ পৰা পৃথিৱীলৈ আহে ।

উল্লেখ্য যে, মহাকাশযানে যেতিয়া পৃথিৱীলৈ সংকেত প্ৰেৰণ কৰে, সেই মহাকাশ যানৰ বেণ্ডৱিথ সীমিত। লেজাৰ ৰশ্মি সংকেতৰ দৰে সম্পন্ন হোৱা এই পৰীক্ষাবোৰ ভৱিষ্যত অভিযানৰ বাবে উপযোগী হ’ব । নাছাৰ মতে , এই প্ৰণালীটোৱে বৰ্তমানৰ মহাকাশ যোগাযোগ প্ৰণালীতকৈ ১০ ৰ পৰা ১০০ গুণ দ্ৰুত গতিত বাৰ্তা প্ৰেৰণ কৰিব পাৰে। 

Leave A Reply

Your email address will not be published.