ৰাজনীতিত গ’ল! খেলপথাৰৰ পৰা বিধায়ক হল জেজে
খেলপথাৰত দুভৰিৰ যাদু দেখুওৱা খেলুৱৈজনে এইবাৰ যাদু দেখুৱালে ৰাজনীতিৰ পথাৰত। ৰাজনীতিৰ পথাৰত নামিয়েই বৃহত্ সফলতাৰ মুখ দেখিলে দেশৰ আগশাৰীৰ ছিনিয়ৰ তাৰকা ফুটবলাৰ জেজে লালপেখুলুৱাই। দক্ষিণ টুইপুই বিধান সভা সমষ্টিৰ পৰা জোৰাম পিপুলছ মুভমেন্ট চমুকৈ ZPM ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলি বিধায়ক হল প্ৰাক্তন ফুটবলাৰগৰাকী। ২৩৫ টা ভোটৰ ব্যৱধানত বিদায়ী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা এম এন এফ প্ৰাৰ্থী আৰু লালখাংলিয়ানাক পৰাস্ত কৰে জেজেই। তেওঁ লাভ কৰে ৫,৪৬৮ টা ভোট। পৰাজিত প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৫৩৩৩ টা ভোট।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পেছাদাৰী ফুটবল এৰি নতুন দল জেদপিএম যোগ দিছিল তেওঁ। ৫৬ খন মেচত দেশক প্ৰতিনিধিত্ব কৰি ২৩ টা গ’লো কৰিছিল। ১৯৯১ চনত জম্ম লাভ কৰা জেজে লালপেখলুৱাই ২০১১ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে ৮ বছৰ প্ৰতিনিধিত্ব কৰিছিল ভাৰতীয় ছিনিয়ৰ দলক। কেৱল সেয়াই নহয় মোহন বাগান, ইষ্ট বেংগল, গোৱাৰ ডেম্প বা আই এছ এলৰ চেন্নাইন এফ চিৰ হৈও খেলিছিল জেজে লালপেখলুৱাই। চেন্নায়েন এফ চিৰ হৈ খেলি দুবাৰকৈ আই এছ এলৰ খিতাপ জয় কৰিছিল।
প্ৰথম প্ৰৱেশতে অনায়শে জয়লাভ কৰা জেজে লালপেখলুৱা এতিয়া লালডুহোমা মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভৱনা আছে। মিজো আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ যোচেফ লালনুনজিৰা ইয়ো জেজেক অভিনন্দন জ্ঞাপন কৰে।