ISHAN NEWS – Always One Step Ahead of Time…

এটিএমৰ পৰা হঠাত্ কটা-ছিঙা বা ফটা নোট ওলালে কি কৰিব?

0 53

এটিএমৰ পৰা হঠাত্ কটা-ছিঙা বা ফটা নোট ওলালে কি কৰিব? বহুসময়ত দেখা যায় এটিএমৰ পৰা কটা-ছিঙা বা ফটা নোট ওলায়। সেইসময়ত কি কৰিব একাংশ গ্ৰাহকে ভাবি নাপায়। যাৰ বাবে কিছুমান লোকে এটিএমৰ পৰা ওলোৱা বেয়া নোটসমূহ উপায়হীন হৈ ঘৰতে ৰাখি দিয়ে। পিছে RBIৰ নিয়ম অনুসৰি আপুনি  অতি সহজে এই বেয়া নোট সলনি কৰিব পাৰে।

এটিএমৰ পৰা  ওলোৱা কটা-ছিঙা নোটবোৰ সহজে সলনি কৰিব পাৰি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি এনে নোট যিকোনো ধৰণৰ বেংকতে অতি সহজে সলনি কৰিব পাৰে। চৰকাৰী বা বেচৰকাৰী কোনো বেংকই এনে নোট সলনি সলনি কৰি দিবলৈ অস্বীকাৰ কৰিব নোৱাৰে। নোট সলনি কৰাৰ বাবে যি এটিএমৰ পৰা এনে নোট ওলাইছে সেই এটিএমৰ বেংকলৈ গৈ লিখিত আবেদন লিখিব লাগিব। য’ত কেতিয়া টকা উলিওৱা হৈছিল, কোন বেংক, ৰছিদসহ জমা দিব লাগিব। যদি লগত ৰছিদ নাথাকে তেনেক্ষেত্ৰত লেনদেনৰ এছএমএছ দেখুৱাব লাগিব। আৱেদন পোৱাৰ পাছতেই বেংকৰ বিষয়া বা কৰ্মচাৰীয়ে কটা-ছিঙা বা বেয়া নোট সলনি কৰিব দিব। যদি কোনো বেংকে ত্ৰুটিপূৰ্ণ নোট সলনি কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে আৰক্ষীক অভিযোগ দিব পাৰে। যাৰ ফলত তেওঁলোকে ওপৰত ১০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হব পাৰে। RBIৰ নিয়মমতে, এজন গ্ৰাহকে সৰ্বাধিক ২০ খন নোট আৰু ৫ হাজাৰ টকাৰ তলতহে সলনি কৰিব পাৰে।  নেক সময়ত বহু মানু

Leave A Reply

Your email address will not be published.