ফৰ্বছৰ আটাইতকৈ শক্তিশালী মহিলা তালিকাত পুনৰ এবাৰ স্থান লাভ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। তালিকাৰ ৩২ নম্বৰ স্থানত আছে সীতাৰমন। এই তালিকাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু গায়িকা টেইলৰ চুইফটো আছে।
এই তালিকাত আন তিনিগৰাকী ভাৰতীয় মহিলাইও স্থান লাভ কৰিছে। তেওঁলোক হ’ল এইচ চি এল কৰ্পৰেশ্যনৰ চি ই অ’ ৰোশনি নাদাৰ মালহোত্ৰা (৬০), ষ্টীল অথৰিটি অৱ ইণ্ডিয়াৰ অধ্যক্ষ সোমা মণ্ডল (৭০) আৰু বায়’কনৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ-শ্ব’ (৭৬)।
শীৰ্ষ ৩ গৰাকী মহিলা
ফৰ্বছৰ বাৰ্ষিক শক্তিশালী মহিলাৰ তালিকাত ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনে বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ ভিতৰত শীৰ্ষ স্থানত আছে আৰু দ্বিতীয় স্থানত আছে ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ অধ্যক্ষ ক্ৰীষ্টিন লাগাৰ্ড। তালিকাৰ তৃতীয় স্থানত আছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ।
বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত স্থান লাভ কৰা ভাৰতীয় মহিলাসকলৰ বিষয়ে জানো আহক-
সীতাৰমণ, ২০১৯ চনৰ মে’ মাহত ভাৰতৰ প্ৰথম পূৰ্ণকালীন বিত্তমন্ত্ৰী হোৱাৰ লগতে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰো মুৰব্বী। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ ইউ কে এছ’চিয়েশ্যন অৱ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰ্ছ আৰু বিবিচি ৱৰ্ল্ড চাৰ্ভিচত ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰো সদস্য আছিল।
এইচ চি এলৰ প্ৰতিষ্ঠাপক তথা উদ্যোগপতি শিৱ নাদৰৰ কন্যা মুখ্য কাৰ্যবাহী বিষয়া ৰোশনি নাদাৰ মালহোত্ৰা। ২০২০ চনৰ জুলাই মাহত পিতৃৰ পিছত তেওঁ এই পদ গ্ৰহণ কৰিছিল।
ফৰ্বছৰ তথ্য অনুসৰি সোমা মণ্ডল হৈছে চৰকাৰী ষ্টীল অথৰিটি অৱ ইণ্ডিয়া (SAIL)ৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ। ২০২১ চনত এই ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বৰ প্ৰথম বছৰতে ফাৰ্মখনৰ লাভ তিনিগুণ বৃদ্ধি পাইছিল।
ফৰ্বছৰ বাতৰি অনুসৰি, মজুমদাৰ-শ্ব’ ভাৰতৰ অন্যতম ধনী মহিলা। ১৯৭৮ চনত তেওঁ বায়’কন নামৰ বায়’ফাৰ্মাচিউটিকেল ফাৰ্ম প্ৰতিষ্ঠা কৰিছিল। এই ফাৰ্মখনৰ মালয়েছিয়াৰ জোহৰ অঞ্চলত এছিয়াৰ সৰ্ববৃহৎ ইনচুলিন কাৰখানা আছে।