ISHAN NEWS – Always One Step Ahead of Time…

প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা । ISHAN NEWS…

0 155

এই সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা । ওজৰ আপত্তি দাখিলৰ বাবে নিৰ্ধাৰণ কৰিছে দুটা দিন। ১৬ ডিচেম্বৰ আৰু ২২ জানুৱাৰীত দাখিল কৰিব পাৰিব ওজৰ আপত্তি ।

৮ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম । তালিকাত আপোনাৰ নাম কেনেকৈ পৰীক্ষা কৰিব- www.ceoassam.nic.in ৱেৱছাইটত আপোনাৰ নাম চাব পাৰিব।

জিলা নিৰ্বাচন বিষয়া বা ডি.ই.ওৰ কাৰ্যালয়ত চাব পাৰিব আপোনাৰ নাম । ই.আৰ.ও অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়তো নাম চাব পাৰিব । সংশ্লিষ্ট ভোটাৰ কেন্দ্ৰত চাব পাৰিব আপোনাৰ নাম । বিতং তথ্য সংগ্ৰহ কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়া (বি.এল.ও.)ৰ সৈতে যোগাযোগ কৰক । ডাউনলোড কৰক ভোটাৰ হেল্পলাইন এপ । অথবা voters.eci.gov.inত লগ ইন কৰক ।

Leave A Reply

Your email address will not be published.