ISHAN NEWS – Always One Step Ahead of Time…

চিকিৎসা ক্ষেত্ৰলৈ আহিব বিপ্লৱ।

0 165

অসুখ হোৱাৰ আগতেই গম পাব ৰোগৰ সম্ভাৱনা থকা শৰীৰৰ অংগ সমূহৰ তথ্য ।

আপোনাৰ বয়স বঢ়াৰ লগে লগে আপোনাৰ শৰীৰৰ অংগ সমূহৰ বয়স কিমান হৈছে সেইটো আপুনি এতিয়াৰ পৰা সহজেই জানিব পাৰিব ।

এটেপাল ৰক্ত পৰীক্ষা কৰিলেই আপুনি গম পাব আপোনাৰ শৰীৰৰ কোনটো অংগৰ কিমান বয়স হৈছে। আপোনাৰ শৰীৰৰ কোনোবাটো অংগ বয়সতকৈ বেছি বুঢ়া হৈ শাৰীৰিক  অসুবিধাৰ সন্মুখীন হোৱাৰ আগতেই চিকিৎসা কৰিব পাৰি!

এক অধ্যয়নত প্ৰকাশিত তথ্য মতে ৫০ বছৰ বা ততোধিক বয়সৰ প্ৰতি ৫ জন সুস্থ লোকৰ ভিতৰত ১ জনৰ  এটা অংগ বাকীবোৰতকৈ বেছি দ্ৰুতগতিত বয়সীয়াল হৈ পৰে ।

চিকিৎসাৰ ক্ষেত্ৰত গৱেষকসকলে এনে ধৰণৰ তেজৰ পৰীক্ষাৰ কাম কৰি আছে যিয়ে মানুহৰ শৰীৰৰ অংগসমূহৰ জৈৱিক বয়স ধৰা পেলাব পাৰে। অৰ্থাৎ তেজৰ পৰীক্ষাৰ দ্বাৰা অংগটো কিমান পুৰণি হৈছে সেইটো জানিব পৰা যায়। গৱেষকসকলৰ মতে এই ব্যৱস্থাই চিকিৎসা ক্ষেত্ৰখনত বিপ্লৱৰ সৃষ্টি কৰিব ।  কাৰণ এই ব্যৱস্থাৰ জৰিয়তে কোনোবা এগৰাকী ব্যক্তি কেতিয়া অসুস্থ হ’ব সেয়া জনাটো সম্ভৱ হ’ব। এগৰাকী ব্যক্তিয়ে সংশ্লিষ্ট অংগটোৰ চিকিৎসা অংগটো অসুস্থ হোৱাৰ আগতেই চিকিৎসা আৰম্ভ কৰিব পাৰিব। আৰু ব্যক্তি গৰাকী অসুস্থ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব।

এই গৱেষণাৰ পৰা আন এটা সম্ভাৱনাৰ উন্মেষ ঘটিছে, যিয়ে এলজাইমা ৰোগীৰ স্বাস্থ্যৰ বিষয়ে জনাত  সহায়ক হ’ব। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ গৱেষকসকলে আমাৰ অংগবোৰৰ বয়স বিভিন্ন হাৰত বৃদ্ধি হয় বুলি তথ্য সহকাৰে দাঙি ধৰিছে। অৰ্থাৎ একে বয়সৰ দুজন ব্যক্তি থাকিলে বয়স একে হ’লেও তেওঁলোকৰ অংগবোৰৰ ক্ষমতা বেলেগ বেলেগ হ’ব পাৰে। অৰ্থাৎ এজন ব্যক্তিৰ শৰীৰৰ অংশ আন এজনতকৈ বয়সীয়াল বা সৰু হ’ব পাৰে।

গৱেষকসকলে কৈছে যে যদি কোনো ব্যক্তিৰ অংগটো একে বয়সৰ আন এজন ব্যক্তিতকৈ বয়সীয়াল হৈ পৰিছে, তেন্তে সেই ব্যক্তিজনৰ সেই অংগটোৰ সৈতে জড়িত ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়, আৰু লগতে আগতীয়াকৈ মৃত্যুৰ সম্ভাৱনাও বৃদ্ধি পায়। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ গৱেষকসকলে ৫,৬৭৮ জন লোকক লৈ গৱেষণা চলাইছিল। ইয়াৰ উপৰিও কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মেচিন লাৰ্নিঙৰ সহায়ত মানুহৰ তেজৰ প্ৰটিনৰ মাত্ৰা পৰীক্ষা কৰাত সফল হৈছে।

অধ্যয়নত প্ৰকাশিত তথ্য মতে ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰতি ৫ জন সুস্থ লোকৰ ভিতৰত ১ জনৰ অন্ততঃ  এটা অংগ বাকীবোৰতকৈ বেছি দ্ৰুতগতিত বয়সীয়াল হৈ আছে। ইয়াৰ বাবে প্ৰয়োজন হব তেজৰ পৰীক্ষা । ৰক্ত পৰীক্ষাই পোহৰলৈ আনিব কিমান দ্ৰুতগতিত আপোনাৰ শৰীৰৰ অংগ সমূহৰ বয়স বৃদ্ধি পাইছে। ইয়াৰ লগে লগে সেই অংগটোৰ  সময়মতে চিকিৎসা আৰম্ভ কৰিব পাৰিব। এই অধ্যয়নৰ সৈতে জৰিত জ্যেষ্ঠ লেখক টনি ৱেইছ ক’ৰীৰ মতে, এতিয়া এটা অংগৰ জৈৱিক বয়স অনুমান কৰিব পৰা গৈছে। যিয়ে সেই অংগটোৰ লগত জড়িত ৰোগ কেতিয়া সেই ব্যক্তিজনৰ মাজত বিকশিত হ’ব পাৰে সেইটো ক’ব পাৰি । এই অধ্যয়নৰ বিষয়ি সবিশেষ নেচাৰ জাৰ্নেলত প্ৰকাশ পাইছে।

Leave A Reply

Your email address will not be published.