ISHAN NEWS – Always One Step Ahead of Time…

বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিব নেকি শুভমন গীলে ?

0 118

বিৰাট কোহলীৰ অভিলেখ ভংগ কৰাৰ সোণালী সুযোগ শুভমন গীলৰ হাতত। ২০২৩ বৰ্ষতে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিব পাৰে শুভমন গীলে। কিন্তু কেনেকৈ ?

বিশ্বকাপৰ পাছত বিদেশত প্ৰথমটো শৃংখলা দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব ভাৰতে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমে খেলিবলগীয়া টি-২০ শৃংখলাতে শুভমন গীলে অভিলেখ ভংগ কৰিব পাৰে বিৰাট কোহলীৰ। কিয়নো, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া ৩ খন মেচৰ টি-২০ শৃংখলাত অংশগ্ৰহণ নকৰে বিৰাট কোহলীয়ে ।

২০২৩ বৰ্ষত সৰ্বাধিক ৮ টা শতক অৰ্জন কৰি শীৰ্ষত আছে বিৰাট কোহলী। এই বৰ্ষতে ৭ টা শতক অৰ্জন কৰি দ্বিতীয় স্থানত আছে শুভমন গীল। বিৰাট কোহলীৰ এই অভিলেখ স্পৰ্শ কৰিবলৈ মাত্ৰ আৰু  এটা শতকৰ প্ৰয়োজন গীলক।

যদিহে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’ব লগীয়া ৩ খন টি-২০ মেচ আৰু টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত শুভমন গীলে ২ টা শতক অৰ্জন কৰিবলৈ সক্ষম হয়, তেতিয়া ২০২৩ বৰ্ষত সৰ্বাধিক শতক অৰ্জন কৰি শীৰ্ষ স্থানত উপনীত হ’ব শুভমন গীল। ভংগ কৰিব পাৰিব বিৰাট কোহলীৰ অভিলেখ।

মন কৰিব লগীয়া যে এটা বৰ্ষত সৰ্বাধিক ১২ টা শতক অৰ্জনেৰে অভিলেখ গঢ়ি থৈছে শচীন তেণ্ডুলকাৰে।

দেওবাৰ অৰ্থাত ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ শৃংখলা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে  ৩ খন টি-২০, ৩ খন এদিনীয়াৰ পাছত ২ খন টেষ্ট মেচ খেলিব ভাৰতে।

এই শৃংখলাতে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিবলৈ শুভমন গীল সক্ষম হ’ব নে? তাকে লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত বাঢ়িছে উৎকণ্ঠা ।

Leave A Reply

Your email address will not be published.