ISHAN NEWS – Always One Step Ahead of Time…

মহিলা প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী আনকেপড খেলুৱৈ; ২ কোটি টকাত ক্ৰয়

0 175

এইবাৰৰ মহিলা প্ৰিমিয়াৰ লীগৰ নিলামত নতুন অভিলেখ  সৃষ্টি হৈছে। লীগৰ চমু ইতিহাসৰ আটাইতকৈ দামী আনকেপড (ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব নকৰা) খেলুৱৈ গৰাকীৰ নাম পোহৰলৈ আহিছে।

এই খেলুৱৈগৰাকীৰ নাম হৈছে কাশৱী গৌতম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়াও অভিষেক ঘটা নাই কাশৱীৰ। ইয়াৰ পিছতো তেওঁ নিলামত লাভ কৰে ২ কোটি টকা। গুজৰাট জায়েন্টছ দলে তেওঁক ক্ৰয় কৰে।

কিছু সময় পূৰ্বে একেটা নিলামতে কাশৱীয়ে বৃন্দা দিনেশৰ নামত লিপিবদ্ধ হোৱা আটাইতকৈ দামী আনকেপড খেলুৱৈৰ অভিলেখ ভংগ কৰিছিল। বৃন্দাও এইপৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাই যদিও তেওঁক ইউ পি ৱাৰিয়ৰ্ছে ১.৩০ কোটি টকাত ক্ৰয় কৰে। তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰে।

অৱশ্যে নিলামৰ পূৰ্বেই এই দুজন খেলুৱৈ অধিক মূল্যত বিক্ৰী হ’ব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছিল।

২০ বছৰীয়া কাশৱীয়ে ২০২০ চনত নিজৰ নাম চৰ্চালৈ আনিবলৈ সক্ষম হৈছিল। ঘৰুৱা ক্ৰিকেটত ১৯ বছৰ অনুৰ্ধ্ব মহিলাৰ এদিনীয়া প্ৰতিযোগিতাৰ এখন খেলত হেট্ৰিকসহ আটাইকেইটা উইকেট দখল কৰিছিল।

ছিনিয়ৰ মহিলা টি-২০ ট্ৰফীতো ৭খন মেচত ১২টা উইকেট দখল কৰে। শেহতীয়াকৈ তেওঁ ইণ্ডিয়া-এৰ হৈ খেলিও ভাল প্ৰদৰ্শন আগবঢ়াইছিল। এই বলাৰগৰাকীয়ে ইংলেণ্ড-এৰ বিৰুদ্ধে টি-২০ দুখন মেচত তিনিটা উইকেট দখল কৰিছিল।

ইফালে ২২ বছৰীয়া বৃন্দা এগৰাকী টপ অৰ্ডাৰ বেটছমেন। শেহতীয়াকৈ তেওঁ ইণ্ডিয়া-এ দলত স্থান লাভ কৰিছে।

Leave A Reply

Your email address will not be published.