২০২৪ৰ জানুৱাৰীত চন্দ্ৰত মহাকাশযান অৱতৰণ চেষ্টা চলাব জাপানে
চন্দ্ৰত মহাকাশযান অৱতৰণৰ বাবে সাজু হৈ উঠিছে জাপান । ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত এতিয়া চন্দ্ৰত মহাকাশযানৰ সফল অৱতৰণৰ বাবে সাজু হৈছে জাপান। জাপান এৰ’স্পেচ এক্সপ্ল’ৰেশ্যন এজেন্সীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অভিযান আৰম্ভ কৰাৰ কথা সদৰী কৰিছিল । অহা বছৰ অৰ্থাত ২০২৪ চনৰ ২০ জানুৱাৰীত চন্দ্ৰত মহাকাশযান অৱতৰণ চেষ্টা চলাব জাপানে। জাপান সফল হ’লে চন্দ্ৰত মহাকাশযান অৱতৰণ কৰোৱে বিশ্বৰ পঞ্চমখন দেশ হিচাপে পৰিগণিত হ’ব।
ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হ’বলৈ ৪০ দিন সময় লাগিছিল। কিন্তু জাপানে চন্দ্ৰ অভিযানৰ বাবে ৪ মাহতকৈ অধিক সময় লোৱাৰ পাছত চন্দ্ৰত মহাকাশযান অৱতৰণৰ চেষ্টা চলাব ।
জাপানে চন্দ্ৰলৈ পঠোৱা SLIM মহাকাশযানখনে বহু দূৰ যাত্ৰা কৰি চন্দ্ৰত অৱতৰণ কৰিব। ইয়াৰ ফলত মহাকাশযানখনত ইন্ধনৰ ব্যৱহাৰ কম হ’ব। জাপানৰ মহাকাশযানখনে চন্দ্ৰৰ চাৰিওফালে প্ৰায় এমাহ ঘূৰি চন্দ্ৰৰ তথ্য সংগ্ৰহ কৰিছে।
ছেপ্টেম্বৰ মাহত JAXA য়ে চন্দ্ৰ অভিমুখে SLIM মহাকাশযান খন প্ৰেৰণ কৰিছিল। মহাকাশযানখন H-2A নামৰ ৰকেটৰ জৰিয়তে চন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । জাপানে চন্দ্ৰৰ শ্বিঅ’লি ক্ৰেটাৰত SLIM মহাকাশযান খন অৱতৰণৰ চেষ্টা চলাব।
উল্লেখ্য যে জাপানৰ SLIM লেণ্ডাৰ ওজন ভাৰতৰ বিক্ৰম লেণ্ডাৰৰ ওজনতকৈ বহু কম। SLIM লেণ্ডাৰৰ ওজন প্ৰায় ২০০ কিলোগ্ৰাম । আনহাতে বিক্ৰম লেণ্ডাৰৰ ওজন আছিল ১৭৫০ কিলোগ্ৰাম।