ভাৰতৰ সমৰ্থন, আমেৰিকাৰ বিৰোধিতা! ৰাষ্ট্ৰসংঘত গৃহীত যুদ্ধবিৰতিৰ প্ৰস্তাৱ!
পুনৰ এবাৰ ইজৰাইলৰ বিৰুদ্ধে থিয় দিলে ভাৰতে! ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ চলি থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই জৰুৰী বৈঠকৰ আহ্বান কৰে। এই বৈঠকত তাৎক্ষণিক যুদ্ধবিৰতিৰ প্ৰস্তাৱ উপস্থাপন কৰা হয়। ভাৰতসহ ১৫৩ খন ৰাষ্ট্ৰৰ সমৰ্থনত সাধাৰণ সভাত গৃহীত হল এই প্ৰস্তাৱ। ১৯৩ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ লগতে ১৫৩ খন দেশে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰে। যুদ্ধবিৰতি প্ৰস্তাৱৰ বিৰোধিতাৰে ভোট দিলে ১০ খন দেশে। আনহাতে, ভোটদানৰ সময়ত অনুপস্থিত থাকিল ২৩ খন দেশ।
আলজেৰিয়া, বাহৰেইন, ইৰাক, কুৱেইট, ওমান, কাটাৰ, ছৌদি আৰৱ, UAE, পেলেষ্টাইনে এই প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰে। আমেৰিকা, অষ্ট্ৰিয়া, চেক ৰিপাব্লিক, গ্যোৱাটেমালা, ইজৰাইল, লাইবেৰিয়া, মাইক্ৰনেছিয়া, পাপুৱা নিউ গিনিয়ে যুদ্ধবিৰতি প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে।
উল্লেখ্য ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বিশেষ জৰুৰীকালীন অধিৱেশনত ইজিপ্তে মানৱীয় যুদ্ধবিৰতি প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱৰ জৰিয়তে তাত্ক্ষণিকভাৱে যুদ্ধবিৰতিৰ দাবী তোলা হৈছিল। সকলো বন্দীক শীঘ্ৰেই চৰ্তহীনভাৱে মুকলি কৰাৰ লগতে আন্তৰ্জাতিক আইনৰ অধীনত সকলো পক্ষই তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰতি মানৱীয় প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ বাবে আহ্বান জনোৱা হৈছিল প্ৰস্তাৱটোত।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে কয় যে ৭ অক্টোবৰৰ ইজৰাইলত হোৱা আক্ৰমণৰ পাছত বহু লোকক সন্ত্ৰাসবাদীয়ে পণবন্দী কৰি ৰখাটো চিন্তাৰ বিষয়। লগতে তেওঁ কয় যে গাজাত এক বৃহৎ মানৱীয় সংকটৰ সৃষ্টি হৈছে। আক্ৰমণ-প্ৰত্যাক্ৰমণত বহু সাধাৰণ লোকৰ প্ৰাণ গৈছে। যাৰ ভিতৰত বেছিভাগেই মহিলা আৰু শিশু।
গাজাত যুদ্ধবিৰতিৰ ফলত হামাছৰ সন্ত্ৰাসবাদী কাৰ্যসূচী আৰু অধিক বৃদ্ধি হ’ব বুলি অভিযোগ তুলিছে ইজৰাইলৰ ৰাষ্ট্ৰদূত গিলাদ আৰ্দানে। তেওঁ এই প্ৰস্তাৱ নাকচ কৰি কয় যে যুদ্ধ বন্ধ কৰাৰ ফলত কেৱল হামাছেহে লাভান্বিত হ’ব।