ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ, ১০ জনৰ মৃত্যু
নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলত মঙলবাৰে পুৱা এখন দ্ৰুতবেগী বাছে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন সাতজন লোক আঘাতপ্ৰাপ্ত হয় বুলি যান-বাহন আৰক্ষীয়ে জনায়।
দক্ষিণ-পশ্চিমৰ অয়’, অগুন আৰু লাগোছ ৰাজ্যৰ মাজেৰে যোৱা লাগোছ-ইবাডান এক্সপ্ৰেছৱে’ৰ এখন দলঙৰ ওপৰত যাত্ৰীবাহী বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকত খুন্দা মৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
আহতসকলক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে মৃত লোকসকলক অগুনৰ সাগামু অঞ্চলৰ মৰ্গত জমা ৰখা হৈছে।
নাইজেৰিয়াত সঘনাই ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰি থকা যায়, যিবোৰ প্ৰায়ে অতিৰিক্ত বোজা, পথৰ বেয়া অৱস্থা আৰু অসাৱধানতাৰে গাড়ী চলোৱাৰ ফলত হয়।