ISHAN NEWS – Always One Step Ahead of Time…

আপুনিও হব পাৰে ভাৰ্চুৱেল কিডনেপিঙৰ বলি। কেনেকৈ নিজকে ৰক্ষা কৰিব

0 179

চাইবাৰ ফ্ৰডৰ কথা আপুনি শুনিছে। চাইবাৰ অপৰাধীৰ কৱলত পৰি বহুলোকে হেৰুৱাবলগীয়া হৈছে সৰ্বস্ব। চাইবাৰ অপৰাধৰ লগে লগে দেশত বৃদ্ধি পাইছে ভাৰ্চুৱেল কিডনেপিঙ স্কেম। শেহতীয়াকৈ দিল্লীত সংঘটিত হৈছে ভাৰ্চুৱেল কিডনেপিঙৰ ঘটনা। চাইবাৰ অপৰাধীয়ে কৌশলেৰে এজন বৃদ্ধ লোকক ভাৰ্চুৱেল কিডনেপিঙ স্কেমৰ জৰিয়তে লুটিলে সাঁচতীয় ধন।   

কি এই ভাৰ্চুৱেল কিডনেপিঙ স্কেম

ভাৰ্চুৱেল অপহৰণ স্কেমত চাইবাৰ অপৰাধীয়ে এজন ব্যক্তিক ফোনযোগে বা বাৰ্তা প্ৰেৰণ কৰি  তেওঁৰ আত্মীয়ক অপহৰণ কৰা বুলি মিছা খবৰ প্ৰদান কৰে। কৃত্ৰিম বুদ্ধিমত্তা (AI) বা ডিপফেকৰ সহায়ত অপহৃত ব্যক্তিৰ ভুৱা ভিডিঅ’  বা কণ্ঠস্বৰ  প্ৰস্তুত কৰি অপৰাধীয়ে দাবী কৰে লাখ লাখ টকা। ধন নিদিলে অপহৃত ব্যক্তিজনক হত্যাৰো ভাবুকি দিয়ে চাইবাৰ অপৰাধীয়ে। দাবী কৰা ধন লাভ কৰাৰ পাছতেই অন্তৰ্ধান হৈ পৰে অপৰাধী।

ভাৰ্চুৱেল কিডনেপিঙ স্কেমৰ পৰা কিদৰে নিজক সুৰক্ষিত কৰি ৰাখিব

ভাৰ্চুৱেল কিডনেপিঙ স্কেমৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ মানি চলিব লাগে কেইটামান বিশেষ নিয়ম। এনে ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে যিজন ব্যক্তিৰ অপহৰণ কৰা বুলি কয় প্ৰথমে সেই লোকজনক ফোন কৰি চোৱা উচিত। যদিহে লোকজনে ফোন ৰিচিফ কৰে তেতিয়াই আচল ঘটনা জানিব পাৰি। ভুৱা কল চিনাক্ত কৰিবলৈ অপহৰণৰ তথ্য দিয়া সেই নম্বৰটো পৰীক্ষা কৰক। পৰীক্ষা কৰক নম্বৰটোত আন এখন দেশৰ কোড আছে নেকি। যদি নম্বৰটোত আন এখন দেশৰ কোড অন্তৰ্ভুক্ত হৈ আছে তেন্তে সেয়া ভুৱা কল হব পাৰে। আনহাতে, চাইবাৰ অপৰাধীয়ে অপহৃতক মুকলি কৰিবলৈ দাবী কৰা ধন অনলাইন মাধ্যমত বিচাৰিব। ইয়াৰ জৰিয়তেও ভাৰ্চুৱেল কিডনেপিঙ স্কেম বুলি ধৰা পেলাব পাৰি।

Leave A Reply

Your email address will not be published.