ISHAN NEWS – Always One Step Ahead of Time…

আহি আছে মানুহৰ মগজুৰে নিৰ্মিত কম্পিউটাৰ !

0 122

সাধাৰণ মানুহে অসম্ভৱ বুলি ভবা কথাবোৰ সম্ভৱ কৰি তুলিছে আধুনিক বিজ্ঞানে ।মানুহৰ মগজুৰ ৰহস্য এতিয়াও সম্পূৰ্ণৰূপে বিজ্ঞানী সকলে উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু ইয়াৰ মাজতে মানুহৰ কৃত্ৰিম মগজু সৃষ্টি কৰি কম্পিউটাৰৰ সৈতে সংলগ্ন কৰাৰ কথা চিন্তা কৰিছে বিজ্ঞানীসকলে ।

মানুহৰ মগজুৰ ৰহস্য আৰু শক্তি অপৰিসীম।মানুহৰ মগজুৰ গাঁথনিগত আৰু কাৰ্য্যকৰী একক হ’ল নিউৰন।মানুহৰ মগজুৱে নিমিষতে বিপুল পৰিমাণৰ তথ্য বিশ্লেষণ কৰিব পাৰে । গৱেষকসকলৰ মতে, মানুহৰ মগজুৰ নিউৰনে ‘প্ৰচেছৰ’  আৰু ‘মেম’ৰী ডিভাইচ’ ৰূপে কাম কৰে। সেয়েহে বিজ্ঞানীসকলে মগজুৰ নিউৰনৰ দৰে কৰি তুলিবলৈ বিচাৰিছে কম্পিউটাৰক।যাতে মগজুৰ নিউৰনৰ দৰে কম্পিউটাৰেও অনায়াসে কাম কৰিব পাৰে ।বিজ্ঞানী সকলে কম্পিউটাৰত এইবাৰ ‘ব্ৰেন’ইয়াৰ’  সংযুক্ত কৰিব বিচাৰিছে। মানুহৰ মগজুৰ কোষ বা পৰীক্ষাগাৰত নিৰ্মিত অৰ্গেন’ইডৰ সৈতে কম্পিউটাৰ চাৰ্কিট সংযুক্ত কৰি নিৰ্মান কৰা কম্পিউটাৰে কণ্ঠ চিনাক্তকৰণৰ ক্ষেত্ৰত বিশেষভাবে সহায়ক হৈ উঠিব। ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটনৰ গৱেষক ফং কুও আৰু সহযোগী গৱেষকসকলে উদ্ভাৱন কৰিছে এনে এক পদ্ধতি ।

গৱেষকসকলে চলোৱা এক অধ্যয়নত Brainoware ৰ জৰিয়তে আঠজন লোকৰ কথোপকথনৰ ২৪০টা ৰেকৰ্ডিং বজাইছিল। স্পীকাৰ চিনাক্তকৰণৰ পৰীক্ষাত এই যন্ত্ৰটোৱে ৭৮ শতাংশ সফলতা লাভ কৰিছে। কুয়োৰ মতে , তেওঁলোকে ব্ৰেইনয়াৰে বতৰৰ আগতীয়া তথ্য দিব পাৰে নেকি সেই বিষয়েও আৰু অধিক পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিব ।

Leave A Reply

Your email address will not be published.