কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ নাম ঘোষণা; কোনে পালে দায়িত্ব?
আই পি এল আৰম্ভ হোৱাৰ চাৰি মাহৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে অধিনায়কৰ নাম ঘোষণা কৰে। শ্ৰেয়াছ আয়েৰে আঘাতৰ বাবে বিগত ছিজনত খেলিব নোৱাৰাৰ বাবে যোৱা দলৰ অধিনায়ক নিযুক্তি দিয়া হৈছিল নীতিশ ৰানাক।
কিন্তু, আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰা শ্ৰেয়াছক পুনৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। যোৱা ছিজনৰ অধিনায়ক নীতিশক সহকাৰী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ চিইঅ’ বেংকি মহীশূৰে নতুন অধিনায়কৰ নাম ঘোষণা কৰে। তেওঁ কয় যে অহা ছিজনত শ্ৰেয়াছ দলৰ অধিনায়ক হ’ব। নীতিশ তেওঁৰ সহায়ক হ’ব।
বেংকিয়ে কয়, ‘আঘাতৰ বাবে শ্ৰেয়াছে আই পি এল ২০২৩ খেলিব নোৱাৰিলে। ই দুৰ্ভাগ্যজনক। কিন্তু এইবাৰ খেলিব। শ্ৰেয়াছক পুনৰ নেতৃত্ব প্ৰদান কৰাক লৈ আমি সুখী’।
উল্লেখ্য যে, যোৱা ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰদৰ্শন আছিল অত্যন্ত হতাশাজনক। দলটোৱে ১৪খন মেচৰ মাত্ৰ ৬খন মেচত জয়ী হৈছিল। পইম্ট তালিকাৰ সপ্তম স্থানত আছিল কলকাতা।