ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টত হাৰিয়ানা ক্ৰিকেট দলে ৰচিলে ইতিহাস
বিজয় হাজাৰে ট্ৰফীত হাৰিয়ানা দলে এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। ৫০ অ’ভাৰৰ এই টুৰ্ণামেণ্টখনত হাৰিয়ানা দলে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
অশোক মেনেৰিয়া নেতৃত্বাধীন হাৰিয়ানাই ছেমিফাইনেলত তামিলনাডুক ৬৩ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
টুৰ্ণামেণ্টখনত হাৰিয়ানা দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই গ্ৰুপ পৰ্যায়ত উত্তৰাখণ্ড, বিহাৰ, চণ্ডীগড়, মিজোৰাম, দিল্লী, কৰ্ণাটক আৰু জম্মু-কাশ্মীৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
কোৱাৰ্টাৰ ফাইনেলত হাৰিয়ানাই পশ্চিম বংগক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।
প্ৰতিযোগিতাখনত এই পৰ্যন্ত অপৰাজিত হৈ থকা হাৰিয়ানাই ফাইনেলত মুখামুখি হ’ব প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলৰ লগত। আজি দ্বিতীয়খন ছেমিফাইনেল মেচ অনুষ্ঠিত হ’ব ৰাজস্থান আৰু কৰ্ণাটকৰ মাজত।
ছেমিফাইনেলখনত হাৰিয়ানাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৭ উইকেট হেৰুৱাই ২৯৩ ৰান সংগ্ৰহণ কৰে। দলৰ হৈ হিমাংশু ৰানাই ১১৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। ইয়াৰ উপৰি অপেনাৰ যুৱৰাজ সিঙেও ৬৫ ৰানৰ ইনিংছ খেলে।
ইয়াৰ প্ৰত্যুত্তৰত তামিলনাডু দলে ৪৭.১ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩০ ৰানত অলআউট হয়। হাৰিয়ানাৰ হৈ অংশুল কম্বোজে সৰ্বাধিক চাৰিটা উইকেট আৰু ৰাহুল টেৱেটিয়াই ২টা উইকেট লাভ কৰে।