ISHAN NEWS – Always One Step Ahead of Time…

প্ৰকৃতিৰ ৰুষ্ট ৰূপ… ISHAN NEWS

0 140

প্ৰকৃতিয়ে যেন ৰুষ্ট ৰূপ ধাৰণ কৰিছে । আঘোণৰ বৰষুণ আৰু শিলাবৃষ্টিয়ে তচ-নচ কৰিলে চহা কৃষকৰ সোণালী সপোন ।

https://fb.watch/oWu0xwiz-R/

প্ৰকৃতিয়ে যেন ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে । কালি আবেলি অহা এজাক প্ৰচণ্ড শিলা বৃষ্টিয়ে মৰাণৰ খোৱাঙৰ লগতে টীয়কতো বহু কৃষকৰ ৰবি শস্য অনিষ্ট কৰিলে শিলাবৃষ্টিয়ে ।

মৰাণৰ খোৱাং কাৱৈমাৰী, চেনীমাৰী, ৰঙালাও বজাৰ, বেতনি গৰৈমাৰীকে ধৰি প্ৰায় ২০ খনৰো অধিক গাঁ‌ৱৰ কৃষকৰ কবি, বেঙেনা, আলু, সৰিয়হকে ধৰি বহু ৰবি শস্য অনিষ্ট কৰিছে । পথাৰতে বহু ধান ৰৈ যোৱাবোৰো শিলাবৃষ্টিয়ে অনিষ্ট কৰি পেলায় যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীৰ লগতে কৃষকৰ । অঞ্চলজুৰি যিহেতু কৃষিৰ ওপৰতে নিৰ্ভৰ আছিল তেনেস্থলত এই প্ৰবল শিলাবৃষ্টিয়ে এক প্ৰকাৰৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছে কৃষক ৰাইজৰ । 

এতিয়া ভৰ আঘোণৰ বতৰ। সোণগুটি চপোৱাৰ সময়ত কালি অহা শিলাবৃষ্টি জাকে বাৰুকৈয়ে চিন্তাত পেলাইছে চহা কৃষকক। যোৱাকালি হঠাৎ অহা প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টি জাকে বাৰকৈয়ে জুৰুলা কৰিছে চহা কৃষকসকলক। ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালকৈ টীয়কৰ বলমা অঞ্চলতো কালি হঠাৎ অহা শিলাবৃষ্টি জাকে তচ-নচ কৰিলে চহা কৃষকৰ সপোন। বৰষুণ জাকৰ পাছতেই মূৰে-কপালে হাত দিছে কৃষকে। ধান খেতিৰ সমান্তৰালকৈ ৰবি শস্য তচ-নচ কৰিলে কৃষকৰ।

https://fb.watch/oWtY-rP7yh/

Leave A Reply

Your email address will not be published.