ISHAN NEWS – Always One Step Ahead of Time…

এতিয়াৰে পৰা ভিছা অবিহনে যাব পাৰিব ইৰাণলৈ

0 115

মালয়েছিয়াৰ পাছত ভাৰতীয়সকললৈ উপহাৰ ছিয়া মুছলিম দেশ ইৰাণৰ। এতিয়াৰে পৰা ইৰাণলৈ  যাব বিচাৰিলে নালাগে ভিছা। ভাৰত আৰু ছৌদি আৰৱকে ধৰি ৩৩ খন দেশৰ নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা বাতিল কৰিলে ইৰাণে। অৰ্থাৎ এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে ইৰাণ ভ্ৰমণৰ বাবে ভিছা লোৱাৰ প্ৰয়োজন নহ’ব। ‘open door policy’ ৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ সৈতে জড়িত হোৱাৰ সংকল্পৰে ইৰাণৰ পৰ্যটন মন্ত্ৰালয়ে গ্ৰহণ কৰে এই পদক্ষেপ।

ভিছাৰ প্ৰয়োজনীয়তা বাতিল কৰা ৩৩ খন দেশৰ ভিতৰত আছে লেবানন, ক্ৰুৱেছিয়া, টিউনিচিয়াকে ধৰি কেইবাখনো মধ্য এছিয়া, আফ্ৰিকা আৰু মুছলমান দেশ। ইৰাণৰ এই পদক্ষেপে লাভান্বিত কৰিব লাখ লাখ ভাৰতীয়ক।

Leave A Reply

Your email address will not be published.