ভাৰতীয় দলত মোক্ষম আঘাত; টেষ্ট শৃংখলাৰ পৰা বাহিৰ মহম্মদ ছামী
ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শৃংখলাৰ বাবে বৰ্তমান দক্ষিণ আফ্ৰিকা ভ্ৰমণত আছে ভাৰতীয় দল। ইতিমধ্যেই দুয়োখন দেশৰ মাজত তিনিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা ১-১ ত সমাপ্ত হৈছে। এই শৃংখলাৰ পিছত দুয়োখন দেশৰ মাজত হ’ব তিনিখন মেচৰ এদিনীয়া শৃংখলা।
এদিনীয়া শৃংখলাৰ পিছত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’ব দুখন টেষ্ট মেচৰ শৃংখলা। এই ছিৰিজৰ পূৰ্বে টিম ইণ্ডিয়া মোক্ষম আঘাতৰ সন্মুখীন হৈছে।
সদ্য সমাপ্ত এদিনীয়া বিশ্বকাপত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতৰ বেগী বলাৰ মহম্মদ ছামীয়ে ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট মেচৰ শৃংখলাৰ পৰা বাহিৰ হৈছে।
ইয়াৰ উপৰি এদিনীয়া শৃংখলাৰ বাবে দলৰ অংশ হিচাপে থকা দীপক চাহাৰে শৃংখলাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।
বিচিচিআইয়ে আফ্ৰিকা ভ্ৰমণৰ বাবে দলটো ঘোষণা কৰাৰ সময়ত ব’ৰ্ডে স্পষ্ট কৰি দিছিল যে টেষ্ট শৃংখলাত মহম্মদ ছামীৰ অংশগ্ৰহণ তেওঁৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব।
কিন্তু ভৰিৰ গোৰোহাত আঘাত পোৱা মহম্মদ ছামী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব নোৱাৰাত তেওঁ টেষ্ট শৃংখলাটোৰ পৰা বাহিৰ হৈছে।
বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিব দিয়ে যে দীপক চাহাৰৰ ঠাইত এদিনীয়া শৃংখলাটোত আকাশ দীপক অন্তৰ্ভুক্ত কৰিছে। আনহাতে মহম্মদ ছামীৰ ঠাইত কোন খেলুৱৈক অন্তৰ্ভুক্ত কৰে সেয়া প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা।