ISHAN NEWS – Always One Step Ahead of Time…

ইংলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা দলে টেষ্ট ক্ৰিকেটত ৰচিলে ইতিহাস

0 202

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ইংলেণ্ডক ৩৪৭ ৰানত পৰাস্ত কৰি মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্ববৃহৎ বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা দলটোৱে।

ভাৰতীয় দলৰ এই জয়ৰ নায়ক দিপ্তী শৰ্মাই খেলখনত মুঠ ৯টা উইকেট দখল কৰে। এই মেচখনত জয়ী হ’বলৈ ইংলেণ্ডক ৪৭৮ ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল ভাৰতে।

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড দলটোৱে দ্বিতীয় ইনিংছত ১৩১ ৰানতে নিজৰ ইনিংছ সামৰে। একমাত্ৰ টেষ্টমেচখৰ তৃতীয় দিনৰ প্ৰথম ছেচনতে ভাৰতে ইংলেণ্ডৰ আটাইকেইটা উইকেট দখল কৰি মেচখনত জয়লাভ কৰে।

খেলখনৰ প্ৰথম ইনিংছত ভাৰতে ৪২৮ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ শুভা সতীশে ৬৯ ৰান, ৰড্ৰিক্সে ৬৮ ৰান, য়াস্তিকা ভাটিয়াই ৬৬ ৰান আৰু দিপ্তী শৰ্মাই ৬৭ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড দলে প্ৰথম ইনিংছত মাত্ৰ ১৩৬ ৰানহে কৰিব পাৰিছিল। ভাৰতৰ হৈ প্ৰথম ইনিংছত ৫.৩ অভাৰত ৭ ৰান দি ৫টা উইকেট দখল কৰে দিপ্তি শৰ্মাই।

প্ৰথম ইনিংছৰ ভিত্তিত ইংলেণ্ডৰ বিৰুদ্ধে ২৯২ ৰানত বিপুল অগ্ৰগতি লাভ কৰিছিল ভাৰতে। ইংলেণ্ডক ফলোঅন দিয়াৰ সম্পূৰ্ণ সুযোগ পাইছিল যদিও ভাৰতে এয়া নকৰি পুনৰ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দ্বিতীয় ইনিংছত ভাৰতে ৬ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰাৰ পিছত ইনিংছ ঘোষণা কৰে। তৃতীয় দিনা ভাৰতীয় বলাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই প্ৰথমটো ছেচনতে সমগ্ৰ ইংলেণ্ড দলটোক পেভিলিয়নলৈ প্ৰেৰণ কৰে। ইংলেণ্ড দলটোৱে দ্বিতীয় ইনিংছত ২৭.৩ অভাৰত মাত্ৰ ১৩১ ৰানহে কৰিবলৈ সক্ষম হৈছিল।

ভাৰতৰ হৈ দ্বিতীয় ইনিংছত দিপ্তি শৰ্মাই ৪ আৰু পূজা বষ্ট্ৰকাৰে ৩টা উইকেট দখল কৰে।

মহিলাৰ টেষ্ট ক্ৰিকেটত ৩০০ ৰানৰো অধিক ৰানৰ ব্যৱধানত জয়লাভ কৰাৰ এইটো দ্বিতীয় ঘটনা। ইয়াৰ পূৰ্বে টেষ্ট ইতিহাসত সৰ্বাধিক ব্যৱধানত জয়ী হোৱাৰ অভিলেখ আছিল শ্ৰীলংকাৰ নামত, যিয়ে ১৯৯৮ চনত পাকিস্তানক ৩০৯ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছিল।

ইফালে ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এয়া প্ৰথম টেষ্ট জয়।

Leave A Reply

Your email address will not be published.