জোনাইত আৱৰ্জনা প্লাষ্টিকেৰে ভৰি পৰিছে বিভিন্ন ঠাই। ISHAN NEWS…
জোনাইৰ চৰকাৰী কাৰ্যালয়, একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা শিশু উদ্যানৰ সন্মুখ প্লাষ্টিক জাতীয় সামগ্ৰীৰে ভৰি পৰিছে। কিছু লোকৰ প্লাষ্টিক জাতীয় সামগ্ৰী যধে-মধে পেলোৱাৰ ফলত সুস্থ পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ।
এনে কদৰ্য্যময় পৰিৱেশৰ কিছু দৃশ্যাংশঃ-
এইয়া কোনো ডাম্পিং গ্ৰাউণ্ডৰ দৃশ্য নহয়।
এই আৱৰ্জনাৰ ছবি দেখি আপুনি ভাবিব পাৰে এইয়া ডাম্পিং গ্ৰাউণ্ড, কিন্তু এয়া কোনো ডাম্পিং গ্ৰাউণ্ড নহয়।জোনাইৰ এখন গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ৰ চৌহদৰে দৃশ্য । জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ ভিতৰৰ অংশৰ দৃশ্য এইয়া।
এপাক ঘূৰি চাবলৈ সময় নাই জোনাই মহকুমা প্ৰশাসনৰ।
জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ গাতে লাগি থকা শিশু উদ্যানৰ দৃশ্য এইয়া । মৃতপ্ৰায় অৱস্থাত থকা উদ্যানখনত এতিয়া ভৰি পৰিছে প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে বিভিন্ন সুৰাৰ পেকেটেৰে। কিন্তু ঠাই দোখৰ এপাক ঘূৰি চাবলৈ সময় নাই জোনাই মহকুমা প্ৰশাসনৰ।
এইয়া নিতৌ দেখি থকা জোনাইৰ দৈনিক বজাৰৰ দৃশ্য।
মাছ-মাংসৰ বাকলি, হাড়, প্লাষ্টিকবোৰেৰে চৌপাশ ভৰি পৰিছে জোনাইৰ দৈনিক বজাৰখনৰ । যাৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে। কিন্তু একেই হেমাহি জোনাই মহকুমা প্ৰশাসনৰ।
যেন কাৰ্যালয়ৰ চৌহদৰ দৃশ্য নহয় এইয়া ডাম্পিং গ্ৰাউণ্ডহে।
এইয়া জোনাই সদৰৰ সোমাজতে লাগি থকা জোনাই মহকুমা খণ্ড বন বিষয়া কাৰ্যালয়ৰ চৌহদৰ দৃশ্য। যেন কাৰ্যালয়ৰ চৌহদৰ দৃশ্য নহয় এইয়া ডাম্পিং গ্ৰাউণ্ডহে।
এইয়া জোনাই মহকুমা জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য।
এইয়া জোনাই মহকুমা কৃষি উন্নয়ণ বিষয়া আৰু নিৰ্মিয়মান অৱস্থাত থকা জোনাই মহকুমা জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য।
অতিশীঘ্ৰেই যিসকল ঠাইত প্লাষ্টিক জাতীয় সামগ্ৰী যধে-মধে পেলাই জোনাইৰ সুন্দৰ পৰিৱেশ বিনষ্ট কৰিছে তেনে ঠাইসমূহ চাফ-চিকুনতাৰ লগতে জোনাইত এখন ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰাৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।