ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বৰ কোনো শক্তিয়ে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ঘূৰাই আনিব নোৱাৰে : নৰেন্দ্ৰ মোদী । ishan news…

0 143

জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰা সন্দৰ্ভত চলি থকা বিতৰ্কক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰি কয় যে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ঘূৰাই আনিব নোৱাৰে।

এখন বাতৰি কাকতক দিয়া বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক তেওঁ ইতিবাচকভাৱে গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে এতিয়া ৩৭০ অনুচ্ছেদ ঘূৰাই আনিব নোৱাৰে। গতিকে এতিয়া আমি ইয়াক ইতিবাচক কামত ব্যৱহাৰ কৰিম’।

উল্লেখ্য যে, ১১ ডিচেম্বৰত জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

জম্মু কাশ্মীৰৰ পৰা ২০১৯ ত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰই। ইয়াৰ পাছতে জম্মু কাশ্মীৰৰ হেৰুৱা মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ত বিভিন্ন পক্ষই আৱেদন দাখিল কৰিছিল।

Leave A Reply

Your email address will not be published.