কেৰালাত ধৰা পৰিছে JN.1 ত আক্ৰান্ত ৰোগী । ishan news…
কেৰালাত শেহতীয়াকৈ ধৰা পৰিছে কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট JN.1 ত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী।ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য আৰু চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, ১৮ নৱেম্বৰত ৭৯ বছৰীয়া এগৰাকী মহিলাৰ নমুনা আৰ টি-পিচিআৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ।মহিলা গৰাকীৰ নমুনা পৰীক্ষাৰ ফলাফলত মহিলা গৰাকী সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । JN.1 ত আক্ৰান্ত মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা ৰ লক্ষণ থকাৰ লগতে ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ছিংগাপুৰত এজন ভাৰতীয় ভ্ৰমণকাৰীৰ শৰীৰত JN.1 ৰ সংক্ৰমণ ধৰা পৰিছিল। তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ বাসিন্দা এই লোকজন যোৱা ২৫ অক্টোবৰত ছিংগাপুৰলৈ গৈছিল।Covid-19 ৰ নতুন ভেৰিয়েণ্ট JN.1 প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল।
বিশেষজ্ঞই কি কয়?
নেশ্যনেল ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ৰাজীৱ জয়দেৱনে কয় যে ,সাত মাহৰ ব্যৱধানৰ অন্তত ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। কেৰালাৰ পৰা Covid ৰ খবৰ আহিছে যদিও ইয়াৰ ভয়াৱহতা এতিয়ালৈকে কম হৈ আছে ।