ISHAN NEWS – Always One Step Ahead of Time…

অস্বাভাৱিক বৰষুণত বিধ্বস্ত তামিলনাডু; এই পৰ্যন্ত ৩ জন লোকৰ মৃত্যু

0 140

তামিলনাডুৰ দক্ষিণ প্ৰান্তৰ জিলাসমূহত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চলত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণ তথা বানপানীৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত তিনিজন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে।

ক্ষতিগ্ৰস্ত অঞ্চল তথা লোকসকলক ভাৰতীয় বায়ুসেনা, সেনা আৰু অন্যান্য উদ্ধাৰকাৰী দলে সাহায্য অভিযান চলাই আছে।

ইফালে, বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত আজিৰ দিনটোতো লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।

ইফালে টুটিকোৰিন জিলাৰ শ্ৰীৱৈকুন্তম ৰে’ল ষ্টেচনত বিগত ২৪ ঘণ্টা ধৰি আৱদ্ধ হৈ আছে প্ৰায় ৫০০ যাত্ৰী। ভাৰতীয় বায়ুসেনাই আৱদ্ধ হৈ থকা ৰে’ল যাত্ৰীসকলৰ বাবে সাহায্য সামগ্ৰী বিমানেৰে যোগান ধৰা আৰম্ভ কৰিছে আৰু অসুস্থ যাত্ৰীসকলক ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে লৈ যোৱা হ’ব।

আনহাতে ভাৰতীয় সেনাই থুথুকুডিৰ বাসৱপ্পাপুৰম অঞ্চলৰ পৰা প্ৰায় ১১৮ জন বানাক্ৰান্ত লোকক উদ্ধাৰ কৰে।

ভাৰতীয় বায়ুসেনাৰ দক্ষিণ বায়ু কমাণ্ডে এই সাহায্য অভিযানত নিজৰ এম আই-১৭ ভি৫ হেলিকপ্টাৰ নিয়োগ কৰিছে।

ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত হৈ থকা অস্বাভাৱিক বৰষুণ আৰু বানপানীৰ পৰিস্থিতি বিষয়ত আলোচনা কৰিবলৈ ১৯ ডিচেম্বৰত সময় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে।

Leave A Reply

Your email address will not be published.