ISHAN NEWS – Always One Step Ahead of Time…

আকৌ আহিছে ক’ভিড! সাৱধান হওঁক! প্ৰতিখন ৰাষ্ট্ৰক সতৰ্ক হ’বলৈ আহ্বান WHOৰ। ISHAN NEWS…

0 183

পুনৰ এবাৰ মূৰ দাঙি উঠিছে ক’ৰণাই। ক’ভিডৰ JN.1  ভেৰিয়েণ্টৰ বৰ্ধিত সংক্ৰমণে চিন্তিত কৰি তুলিছে WHOক। এই ভেৰিয়েণ্টক লৈ বিশ্ববাসীক সজাগ হবলৈ সতৰ্ক কৰি দিছে WHO-এ। বিশ্ব স্বাস্থ্য সংস্থাই এই ভেৰিয়েণ্টক ‘Variant of Interest’ বুলি শ্ৰেণীবদ্ধ কৰিছে। এতিয়াৰে পৰা এই ভেৰিয়েণ্টৰ সংক্ৰমণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব গৱেষকসকলে। কিমান দ্ৰুতগতিত ই বিয়পে, এই ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীৰ অৱস্থা, ইয়াৰ ওপৰত ভেকছিন প্ৰভাৱ এই সকলোবোৰ অধ্যয়ণ কৰিব গৱেষকসকলে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই JN.1 ভেৰিয়েণ্টৰ বিপদশংকা কম বুলি দাবী কৰিছে।

বৰ্তমান উপলব্ধ হোৱা ভেকছিনবোৰে JN.1  আৰু ক’ভিড-19 ভাইৰাছৰ অন্যান্য প্ৰকাৰৰ ফলত হোৱা গুৰুতৰ ৰোগ আৰু মৃত্যুৰ পৰা সুৰক্ষা দিবলৈ সক্ষম বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

আমেৰিকা, চীন, ছিংগাপুৰ, ভাৰত আৰু কেইবাখনো ইউৰোপীয় দেশত জে.এন.1-ৰ সংক্ৰমণে দেখা গৈছে। ক’ভিডৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। বৰ্তমানলৈ দেশত ১৯০০ৰো অধিক লোক আক্ৰান্ত হৈছে কৰণাৰ এই নতুন ভেৰিয়েণ্টত। সংক্ৰমণ প্ৰতিহত কৰিবলৈ কেৰালাৰ সকলো চিকিৎসালয়ত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে।

Leave A Reply

Your email address will not be published.