ISHAN NEWS – Always One Step Ahead of Time…

ভগৱান ৰামলৈ ৫ সহস্ৰাধিক হীৰাৰে বনোৱা নেকলেচ উপহাৰ! ISHAN NEWS

0 183

অহা ২২ জানুৱাৰী দিনটো দেশৰ বাবে হ’ব বিশেষ। দীৰ্ঘদিনীয়া যুঁজ আৰু অপেক্ষাৰ অন্তত সেইদিনা প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। এই বিশেষ দিনটোত ৰামমন্দিৰত উচৰ্গা কৰিবলৈ ছুৰাটৰ এগৰাকী হীৰা ব্যৱসায়ীয়ে ৫ সহস্ৰাধিক হীৰাৰে প্ৰস্তুত কৰি উলিয়ালে এডাল নেকলেচ। ৰাম মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা নেকলেচডালত ব্যৱহাৰ কৰা হৈছে ৫ হাজাৰ আমেৰিকান ডাইমণ্ড, ২ কিলো ৰূপ। নেকলেচডালত আছে ভগৱান ৰামৰ লগতে মাতা সীতা, লক্ষ্মণ আৰু হনুমানৰ মূৰ্তি। ৪০ গৰাকী কাৰীকৰে ৩৫ দিনৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াইছে নেকলেচডাল। ৰাম মন্দিৰলৈ উপহাৰ হিচাপে এই নেকলেচডাল আগবঢ়াব ৰাছেশ জুৱেলছৰ সঞ্চালক কৌশিক কাকাদিয়াই।

উল্লেখ্য অহা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিতাভ বচ্চনৰ লগতে বহু ৰাজনৈতিক নেতা, তাৰকা। অভিষেক অনুষ্ঠানৰ মুখ্য অনুষ্ঠান সম্পাদন কৰিব বাৰাণসীৰ বৈদিক পুৰোহিত লক্ষ্মী কান্ত দীক্ষিতে। ৩ জানুৱাৰীৰ পৰা সাধাৰণ ৰাইজৰ বাবে খুলি দিয়া হ’ব ৰাম মন্দিৰৰ দ্বাৰ। ২৪ জানুৱাৰীৰ পৰা ৪৮ দিনৰ বাবে বিশেষ পূজা অনুষ্ঠিত কৰা হব। ৰাম মন্দিৰ চৌহদত প্ৰৱেশৰ বাবে থাকিব ৪২ খন দুৱাৰ।

Leave A Reply

Your email address will not be published.