ঘৰুৱা ক্ৰিকেটত বেটিঙেৰে আলোড়নৰ সৃষ্টি কৰিছে ৰাহুল দ্ৰাবিড়ৰ জ্যেষ্ঠ পুত্ৰ সমিত দ্ৰাবিড়ে। ১৯ বছৰ অনুৰ্ধ্ব কোচ বিহাৰ ট্ৰফীত সমিতে নিজৰ বেটিং পৰাক্ৰম দেখুৱাই ১৫৯টা বলত ৯৮ ৰানৰ দৰ্শনীয় ইনিংছ খেলে।
এই ইনিংছটোত আছে ১৩টা চাৰি আৰু এটা ছয়। সমিতৰ বেটিঙৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
জম্মু-কাশ্মীৰৰ বিৰুদ্ধে খেলখনত কৰ্ণাটকৰ হৈ দৰ্শনীয় ইনিংছ খেলি সমিতে নিজৰ দলটোক জয়ী কৰোৱাত সফল হয়।
মেচখনত সমিতে শতক অৰ্জন কৰিব নোৱাৰিলে ৰাহুল পুত্ৰই যি স্থিৰতাৰে বেটিং কৰিছে, সেইটোৱে তেওঁৰ ভৱিষ্যতৰ প্ৰতি আশাৰ সঞ্চাৰ কৰিছে।
পিতৃৰ দৰেই একেই ধৈৰ্য, একাগ্ৰতাৰে বেটিং কৰা দেখা গৈছিল সমিতক। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ৰ পিছতে একাংশ অনুৰাগীয়ে ‘বেটা বড়া নাম কৰেগা’ আদি মন্তব্য কৰি আছে।
উল্লেখ্য যে সমিতৰ উজ্জ্বল বেটিঙৰ আধাৰত কৰ্ণাটক দলে এই মেচখনত এক ইনিংছ আৰু ১৩০ ৰানত জয়ী হোৱাত সফল হৈছিল। আনহাতে বলিঙতো নিজৰ পাৰদৰ্শিতা দেখুৱাই সমিতে ২টা উইকেট দখল কৰে।
এই খেলখনত সমিতৰ উপৰি কাৰ্তিকেয়াই ১৭৫টা বলত ২১টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ১৬৩ ৰান সংগ্ৰহ কৰে, যাৰ ভিত্তিত কৰ্ণাটকে ৮৪ অভাৰত ৪৮০/৫ ৰান সংগ্ৰহ কৰে। প্ৰতিযুত্তৰত জম্মু-কাশ্মীৰ দলে মাত্ৰ ১৭০ ৰানতে অলআউট হয়।