ISHAN NEWS – Always One Step Ahead of Time…

 ‘কিং খান’ নে প্ৰভাস কোন সফল হ’ল বক্স অফিচত?

0 140

চিত্ৰগৃহলৈ আহিল শ্বাহৰুখ খান অভিনীত তৃতীয় খন ছবি । পাঠান আৰু জৱানৰ পাছত মুক্তি পোৱা ডাংকি ছবিখনে যিদৰে সফলতা লাভ কৰিব বুলি ভবা হৈছিল সেইয়া নহল । শ্বাহৰুখৰ লগতে পৰিচালক ৰাজকুমাৰ হিৰাণীৰ বাবে ডাংকিয়ে লাভ কৰিছিল বিশেষ চৰ্চা । কিয়নো,থ্ৰী ইডিয়টছ,মুন্না ভাই,পি.কেৰ দৰে জনপ্ৰিয় সফল ছবিৰ পৰিচালক ৰাজকুমাৰ হিৰাণী । আনহাতে,একে দিনাই ছবিগৃহত মুক্তি পালে প্ৰভাস অভিনীত আনখন ছবি ছালাৰ ।

মুক্তিৰ পূৰ্বে দৰ্শকৰ ডাংকি আৰু ছালাৰক লৈ দৰ্শকৰ আগ্ৰহ আৰু উন্মাদনা কিন্তু দেখা নগল ছবিগৃহত । মুক্তিৰ প্ৰথম দিনা পাঠান,জৱান,এনিমেলতকৈ বহু কম উপাৰ্জন কৰে ডাংকিয়ে । প্ৰতিবেদন অনুসৰি মুক্তিৰ প্ৰথম দিনা ৩০ কোটি টকা উপাৰ্জন কৰে ছবিখনে । বিপৰীতে,মুক্তিৰ প্ৰথম দিনা জৱানে ৭৫ কোটি আৰু পাঠানে উপাৰ্জন কৰে ৫৭ কোটি টকা ।  আনহাতে,মুক্তিৰ প্ৰথম দিনা ৪৫.৩৪ কোটি টকা উপাৰ্জন কৰিছে ছালাৰে । আগন্তুক সপ্তাহত চিত্ৰ অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব দুয়োখন ছবিৰ উপাৰ্জনৰ ওপৰত ।

Leave A Reply

Your email address will not be published.