স্কুল বাহনৰ ভিতৰতে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড চালকৰ; গ্ৰেপ্তাৰ। ISHAN NEWS…
স্কুললৈ যোৱাৰ পথত নিজৰ বাহনৰ ভিতৰতে ১২ বছৰীয়া এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত এজন স্কুল ভ্যান চালকক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। শুকুৰবাৰে পুৱা কানপুৰত সংঘটিত হয় এই জঘন্য ঘটনা।
আৰক্ষীক খবৰ নিদিয়াকৈ ধৰ্ষণ কাণ্ড লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগত বিদ্যালয়ৰ অধ্যক্ষ, পৰিচালক আৰু দুগৰাকী শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
অভিযোগ অনুসৰি, বিদ্যালয় কৰ্তৃপক্ষই ষষ্ঠ শ্ৰেণীৰ ছোৱালীজনীকো তেওঁৰ লগত সংঘটিত এই ঘটনা কোনো লোকৰ লগত ভাগ নকৰিবলৈ কৈছিল।
আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে এই বিষয়ে আৰক্ষীক অৱগত কৰে।
এটা কাৰখানাত শ্ৰমিক হিচাপে কাম কৰা পিতৃ-মাতৃয়ে অভিযোগ কৰে যে পুৱা প্ৰায় ৮ বজাত ভ্যান চালকজনে তেওঁলোকৰ কন্যাক ঘৰৰ পৰা গাড়ীত উঠাই লৈছিল আৰু সেই সময়ত বাহনখনত অকলে আছিল।
‘চালকজনে এটা নিৰ্জন স্থানত নিজৰ বাহনখন ৰখাই ছোৱালীজনীক ধৰ্ষণ কৰে। কুকাণ্ড সংঘটিত কৰাৰ পিছত এই ঘটনা গাপ দিয়াৰ বাবে কিশোৰীগৰাকীক ভয়-ভাবুকি প্ৰদান কৰে। ইয়াৰ পিছত স্কুল বাহনখনৰ চালকজনে আন-আন ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ঘৰৰ পৰা উঠাই স্কুললৈ লৈ যায়। ভুক্তভোগীকে ধৰি সকলো ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত নমাই দিয়াৰ পিছত চালকজনে বাহনখন বিদ্যালয় চৌহদৰ ভিতৰত ৰখাই পলায়ন কৰে’, এজন আৰক্ষী বিষয়াই এইদৰে কয়।
আৰক্ষীয়ে লগতে কয় যে, বিদ্যালয় পোৱাৰ পিছত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ঘটনাৰ বিষয়ে দুগৰাকী শিক্ষকক অৱগত কৰাইছিল কিন্তু শিক্ষক দুগৰাকীয়ে ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষ আৰু পৰিচালকৰ ওচৰলৈ লৈ যায়।
‘ঘটনাৰ বিষয়ে কাকো অৱগত নকৰিবলৈ ছোৱালীজনীক হেচা প্ৰয়োগ কৰি আন এখন বাহনেৰে ঘৰলৈ পঠিয়াই দিয়ে। ঘৰলৈ আহি ছাত্ৰগৰাকীয়ে বিষয়টো পিতৃ-মাতৃক অৱগত কৰে আৰু লগে লগে পিতৃ-মাতৃয়ে বিদ্যালয় কৰ্তৃপক্ষক ফোন কৰে। বিদ্যালয় কৰ্তৃপ৭ই তেওঁলোকক পিছদিনা আহিবলৈ কৈ বিষয়টো ফালৰি কাটে’, এজন বিষয়াই এই কথা জনায়।
আৰক্ষীয়ে সকলো চালি জাৰি চায় POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।