বোকাখাতত অনুষ্ঠিত হ’ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪ ISHAN NEWS…
৯ আৰু ১০ জানুৱাৰীত বোকাখাতত অনুষ্ঠিত হ’ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত ৯ জানুৱাৰীৰ বিয়লি এই পক্ষী সংৰক্ষণ উৎসৱ আৰু জলচৰ পক্ষী গণনাৰ শুভাৰম্ভ কৰিব বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।
আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষে এক সংবাদমেল যোগে ঘোষনা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ সৰ্বমুঠ ৮০ টা জলাশয়ত একে সময়তে গণনা হ’ব জলচৰ পক্ষীৰ। এই দুদিনীয়া কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪ত বিশেষজ্ঞৰ দ্বাৰা অনলাইন কৰ্মশালা, চৰাইৰ ফটোৰ প্ৰদৰ্শন, ফটোগ্ৰাফীৰ প্ৰতিযোগীতা, স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত পক্ষী গণনা, ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠান আদিৰ আয়োজন কৰিছে বন বিভাগে।