ISHAN NEWS – Always One Step Ahead of Time…

শৰণাৰ্থী শিবিৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক; ইজৰাইলী সেনাসহ ৮৩ জনৰ মৃত্যু । ishan news…

0 198

প্ৰায় তিনিমাহ ধৰি চলি থকা ইজৰাইল-হামাছৰ যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ লৈছে। যুদ্ধবিৰতি আৰু আলোচনাৰ মাজেৰে শান্তি ঘূৰাই আনিবলৈ বিশ্বৰ বহু দেশে আহ্বান জনাই থকাৰ মাজতে ইজৰাইলে গাজাস্থিত এটা শৰণাৰ্থী শিবিৰত ভয়ংকৰ আক্ৰমণ চলায়।

গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা এয়াৰ ষ্ট্ৰাইকত প্ৰায় ৬৮ গৰাকী লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত ১২ গৰাকী মহিলা আৰু ৭ টি শিশু আছে বুলি জানিব পৰা গৈছে।

ইফালে হামাছৰ প্ৰত্যুত্তৰত ১৫ জনকৈ ইজৰাইলী সেনাই প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

উল্লেখ্য যে, ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ ফলত প্ৰায় ধ্বংসস্তুপত পৰিণত হৈছে গাজা। প্ৰায় ২০ হাজাৰ ৪০০ পেলেষ্টাইনী নিহত হোৱাৰ লগতে ২৩ লাখ লোক আশ্ৰয়হীন হৈ পৰিছে।

আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে আমি যুদ্ধত অধিক মূল্য ভৰিছো, কিন্তু আমাৰ হাতত যুদ্ধ অব্যাহত ৰখাৰ বাহিৰে আন কোনো বিকল্প নাই।

একে সময়তে ইজৰাইল সেনাই উত্তৰ গাজাৰ হামাছৰ ভূগৰ্ভস্থ মুখ্য কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলিও কয়। সেনাই কয় যে এই কাৰ্য্য হামাছৰ বিশাল সুৰংগ নেটৱৰ্ক ধ্বংস কৰাৰ লগতে শীৰ্ষ সেনাপতিসকলক হত্যা কৰাৰ অভিযানৰ অংশ।

Leave A Reply

Your email address will not be published.