ISHAN NEWS – Always One Step Ahead of Time…

আই পি এলত দেখা পোৱা নাযাব ৩ তাৰকা ক্ৰিকেটাৰক! ব’ৰ্ডৰ কঠোৰ সিদ্ধান্ত

0 193

আই পি এলৰ আগন্তুক ছিজনৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জাইণ্টছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাটা নাইট ৰাইডাৰ্ছৰ বাবে এক বেয়া খবৰ আহিছে। এই তিনিটা দলৰ ৩ জন খেলুৱৈয়ে আই পি এলৰ ১৭ সংখ্যক ছিজনত অংশ লোৱাত বাধা আহি পৰিছে।

জানিব পৰা মতে, এই তিনিজন খেলুৱৈক তেওঁলোকৰ ক্ৰিকেট ব’ৰ্ডে ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলাত ২ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই তিনিওজন খেলুৱৈ আফগানিস্তানৰ।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে নবীন উল হক, স্পিনাৰ মুজিব উৰ ৰহমান আৰু বেগী বলাৰ ফজহলক ফাৰুখীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

অভিযোগ অনুসৰি, নবীন উল হক, মুজীব উৰ ৰহমান আৰু ফজলহক ফাৰুখীয়ে ৰাষ্ট্ৰীয় দলতকৈ ব্যক্তিগত আগ্ৰহৰ প্ৰতি অধিক গুৰুত্ব দিছিল। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এই তিনিজন খেলুৱৈক ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলাত নিষেধাজ্ঞা আৰোপ কৰাৰ এক বিবৃতি প্ৰকাশ কৰিছে।

এচিবিয়ে কয় যে তিনিওজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় কৰ্তব্যৰ পৰিৱৰ্তে বিদেশী লীগত খেলিবলৈ অধিক জোৰ দিয়ে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে তিনিওজন খেলুৱৈক চেণ্ট্ৰেল চুক্তিৰ পৰাও আঁতৰাইছে।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এই বিষয়টোৰ বাবে এখন কমিটী গঠন কৰিছে। কমিটীৰ এজন সদস্যই কয় যে এই খেলুৱৈসকলে তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে ব’ৰ্ডক অৱগত কৰিছিল। তিনিওজনে ব’ৰ্ডক কৈছিল যে তেওঁলোকক ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চুক্তিৰ পৰা মুকলি কৰি দিব লাগে।

ইয়াৰ উপৰি, কোনো শৃংখলাৰ বাবে তেওঁলোকক নিৰ্বাচিত কৰাৰ পূৰ্বে তেওঁলোকৰ সন্মতি ল’বলৈও ব’ৰ্ডক জনাইছিল।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ এই কঠোৰ পদক্ষেপ সন্দৰ্ভত ক্ৰিকেটাৰ তিনিজনে এইপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Leave A Reply

Your email address will not be published.