ISHAN NEWS – Always One Step Ahead of Time…

প্ৰাক্তন ১৯-অনূৰ্ধ্ব ক্ৰিকেটাৰে ঋষভ পণ্টৰ পৰা লুটিলে ১.৬৩ কোটি টকা

0 113

বিলাসী জীৱন যাপনৰ প্ৰতি আকৰ্ষিত এজন যুৱক। নিজকে আই পি এল ক্ৰিকেটাৰ বুলি পৰিচয় দি পুৰা মৃনাংক সিং নামৰ যুৱকজনে নিজৰ চখ পূৰণৰ বাবে ক্ৰিকেট খেলপথাৰ এৰি প্ৰতাৰণাক নিজৰ নতুন খেলৰ পেচা কৰি লৈছে।

লাভ কৰা তথ্য অনুসৰি, মৃনাংক সিঙে বহু ডাঙৰ-ডাঙৰ মানুহক কোটি কোটি টকাৰ প্ৰতাৰণা কৰিছে। এই তালিকাত আছে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্টৰ নাম।

আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত সিঙে পন্টৰ পৰা ১.৬৩ কোটি টকা লুটিছে। অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

বিভিন্ন সময়ত নিজকে এগৰাকী ক্ৰিকেটাৰ তথা কৰ্ণাটকৰ জ্যেষ্ঠ আৰক্ষী বিষয়া বুলি পৰিচয় দি আহিছে সিঙে। এই যুৱকজনে ক্ৰিকেটাৰ ঋষভ পন্টৰ উপৰি আন বহু লোকক প্ৰতাৰণা কৰিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে অভিযুক্ত সিঙে ২০২০-২০২১ বৰ্ষত পন্টৰ পৰা প্ৰবঞ্চনাৰে ১.৬৩ কোটি টকা লুটিছিল। আৰক্ষীয়ে বৰ্তমান অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত চলাই আছে।

উল্লেখ্য যে, ২৫ বছৰীয়া মৃনাংক সিঙে ইয়াৰ পূৰ্বে হাৰিয়ানাৰ হৈ ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট খেলিছিল। তেওঁ নিজকে ২০১৪ৰ পৰা ২০১৮ চনলৈ মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল খেলিছিল বুলি পৰিচয় দি আহিছে। 

Leave A Reply

Your email address will not be published.