১৪ বছৰে কেৱল ৰুটি আৰু নিমখ, জলকীয়া খাই জীয়াই থকা এগৰাকী যুৱতী… ishan news
অসমৰ এগৰাকী যুৱতী নাম তাইৰ মাৰীয়ম। বছৰ বছৰ ধৰি বহিঃৰাজ্যত নানা অকথ্য নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল।
facebook.com/602768131977958
অৱশেষত ১৪ বছৰ সুদীৰ্ঘ কালৰ অন্তত পঞ্চাৱৰ জলন্ধৰৰ পৰা উদ্ধাৰ কৰা হ’ল অসমৰ যুৱতী মাৰীয়মক। যোৱা ২২ ডিচেম্বৰত সমাজসেবী Dr. Ghritashri Bhuyan Narula আৰু তাৰ স্থানীয় আৰক্ষীৰ সহযোগত নিজ ভাতৃয়ে উদ্ধাৰ কৰে ৩০ বছৰীয়া যুৱতীগৰাকীক। বিগত ১৪ বছৰে কেৱল ৰুটি আৰু নিমখ জলকীয়া খাই জীয়াই আছিল যুৱতীগৰাকী।
ওদালগুৰি জিলাৰ হাটীগড়ৰৰ এই যুৱতীগৰাকীক কামৰ প্ৰলোভনেৰে এজন দালালে লৈ গৈছিল সুদুৰ পঞ্চাৱৰ জলন্ধৰলৈ। মাহেকত আঢ়ৈ হাজাৰ টকা দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যুৱতীগৰাকীক । কিন্তু মূৰকত দৰমহাটো বাদেই তাৰ বিপৰীতে নানা শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল যুৱতীগৰাকী । খাবলৈ দিনত দুবাৰকৈ দুখন শুকান ৰুটি আৰু নিমখ জলকীয়া।
যুৱতীগৰাকীক উদ্ধাৰ বাবে বহুবাৰ প্ৰচেষ্টা চলাইছিল ভাতৃয়ে কিন্তু বাৰে বাৰে ব্যৰ্থ হ’বলগীয়া হৈছিল । অৱশেষত যোৱা ২২ ডিচেম্বৰত জলন্ধৰৰ সিং উপাধিৰ মানুহজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু ২৫ ডিচেম্বৰত তেওঁলোক অসম পাইহি । সম্প্ৰতি বছৰ বছৰ ধৰি নানা অকথ্য নিৰ্যাতনৰ বলি হোৱা দুৰ্ভগীয়া যুৱতীগৰাকীৰ বাবে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে পৰিয়াল বৰ্গই ।