ISHAN NEWS – Always One Step Ahead of Time…

কাইলৈ কেন্দ্ৰৰে হ’ব আলফাৰ বহুপ্ৰত্যাশিত শান্তি চুক্তি

0 154

দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত কাইলৈ অৰ্থাত ২৯ ডিচেম্বৰত আলফাৰে স্বাক্ষৰ হ’ব বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ হ’ব।

আলোচনা কালত আলফাই উত্থাপন কৰা দাবীসমূহ অন্তৰ্ভুক্ত কৰি চুক্তিৰ খচৰা প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বহুপ্ৰত্যাশিত এই চুক্তি স্বাক্ষৰৰ পূৰ্বে সংগঠনটোৰ দুই শীৰ্ষ নেতা ক্ৰমে অনুপ চেতীয়া আৰু শশধৰ চৌধুৰীয়ে মধ্যস্থতাকাৰী এ কে মিশ্ৰৰ সৈতে মাৰাথন বৈঠকতো মিলিত হৈছে।

বুধবাৰে চুক্তি সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে দুয়োপক্ষৰ এৰাধৰাৰ মাজেৰেহে এই শান্তি চুক্তিখন চূড়ান্ত কৰা হৈছে।

নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত হ’বলগীয়া এই ঐতিহাসিক শান্তি চুক্তিৰ সাক্ষী হ’বলৈ আলফাই ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ১৪জন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছে।

ইফালে শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ ইতিমধ্যেই দিল্লীত উপস্থিত হৈছে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সেনাধ্যক্ষ ৰাজু বৰুৱাকে ধৰি ১৬ জনীয়া দলটো।

উল্লেখ্য ১৯৯০ চনত নিষিদ্ধ ঘোষণা হোৱা আলফা দুভাগত বিভক্ত হৈছিল ২০১১ চনত। শান্তি আলোচনাত অংশ লোৱাৰ বাবে সভাপতি অৰবিন্দ ৰাজখোৱা অসমলৈ উভতি অহাৰ বিপৰীতে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাঃ)ই এতিয়াও অব্যাহত ৰাখিছে সশস্ত্ৰ সংগ্ৰাম।  

Leave A Reply

Your email address will not be published.