ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতৰ হেচাত কাটাৰত নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াৰ মৃত্যুদণ্ডৰ শাস্তি হ্ৰাস

0 114

কাটাৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ৮গৰাকী প্ৰাক্তন ভাৰতীয় নৌসেনাৰ জোৱানে লাভ কৰিছে বৃহৎ সকাহ। বৃহস্পতিবাৰে আদালতে মৃত্যুদণ্ডৰ শাস্তিত স্থগিতাদেশ জাৰি কৰিছে।

বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কাটাৰৰ আদালতৰ কাষ চাপিছিল আৰু আজি শুনানিৰ সময়ত আদালতে তেওঁলোকৰ শাস্তি হ্ৰাস কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “বিস্তৃত সিদ্ধান্তৰ প্ৰতিলিপিৰ অপেক্ষা কৰা হৈছে।” পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আমাৰ আইনী দল আঠজন ভাৰতীয়ৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে। শুনানিৰ সময়ত আদালতত উপস্থিত আছিল ৰাষ্ট্ৰদূত আৰু বিষয়াসকল।

উল্লেখ্য যে, মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰাৰ পিছতে ভাৰতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি কাটাৰক সমগ্ৰ ঘটনাটো পুনৰ ভালদৰে বিবেচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে আদালতৰ কাষ চাপিছিল।

চলিত বছৰৰ ২৬ অক্টোবৰত কাটাৰৰ আদালতে নৌসেনাৰ প্ৰাক্তন ৮জন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

উল্লেখ্য যে, এবছৰ পূৰ্বে কাটাৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। অৰ্থাত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বিষয়া কেইজনক গ্ৰেপ্তাৰ হৈছিল।   

এই আটাইকেইজন বিষয়াই ভাৰতীয় নৌসেনাৰ বিভিন্ন পদত কাম কৰি আহিছে। তেওঁলোকৰ বিৰুদ্ধে ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ আছে।

এই ৮ জন লোকৰ ভিতৰত আছিল শীৰ্ষ পৰ্যায়ৰ বহু বিষয়া। নৌসেনাৰ এই আঠগৰাকী প্ৰাক্তন বিষয়াৰ নাম হ’ল কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ ভাৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্ত আৰু নাৱিক ৰাগেশ।

স্মৰ্তব্য যে, এই ৮ গৰাকী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰাৰ পিছতে তেওঁলোকৰ পৰিয়ালৰ সদস্যই বিদেশ মন্ত্ৰী এছ জয়শংকৰক সাক্ষাত কৰিছিল। জয়শংকৰে এই আটাইকেইগৰাকী লোকক মুকলি কৰি অনাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ চেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি দিছিল।

Leave A Reply

Your email address will not be published.