ISHAN NEWS – Always One Step Ahead of Time…

১ ঘণ্টাত যাব ১০০০ কিলোমিটাৰ! আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেল

0 249

প্ৰতিঘণ্টাত ১০০০ কিলোমিটাৰ অতিক্ৰম কৰিব ৰেলখনে। বুলেট ট্ৰেইনতকৈ ৩ গুণ অধিক হ’ব গতিবেগ। আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেলখন।

অত্যাধুনিক প্ৰযুক্তিৰে বিশ্বক চমক দি অহা চীনে নিৰ্মাণ কৰি আছে এনে এখন ৰেল যাৰ গতিবেগ ঘণ্টাত ১০০০ কিলোমিটাৰ। তীব্ৰবেগী এই ৰেলক আল্ট্ৰা হাই-স্পীড মেগনেটিক লেভিটেচন তথা মেগলেভ ৰেল বুলি নামকৰণ কৰা হৈছে। চাইনা এৰোস্পেচ চাইন্স এণ্ড ইণ্ডাষ্ট্ৰী কৰ্পোৰেচন লিমিটেডে ইতিমধ্যে চাংচিত সফলতাৰে সম্পূৰ্ণ কৰিছে এই মেগলেভ ৰেলৰ সম্পপৰীক্ষা।পৰীক্ষণৰ সময়ত এই ৰেলৰ গতিবেগ আছিল প্ৰতিঘণ্টাত ৬২৩ কিলোমিটাৰ।

এটা দীঘল পাইপলাইনৰ ভিতৰেৰে চলিব এই ৰেলখন।ভৱিষ্যতে হাংঝৌৰ পৰা ছাংহাইলৈ এই ৰেল চলোৱাৰ পৰিকল্পনা কৰা হৈছে। উল্লেখ্যে যে বৰ্তমান চীনত হাইস্পীড বুলেট ট্ৰেইন চলি আছে যাৰ গতিবেগ ঘণ্টাত ৩৫০ কিলোমিটাৰ। মেগলেভ ৰেলে চীনৰ যোগাযোগ ব্যৱস্থাক অধিক উন্নত আৰু আধুনিক কৰি তুলিব বুলি আশা কৰা হৈছে।   

Leave A Reply

Your email address will not be published.